/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3342d123-25fa-4445-82fe-f23b29928b6d/284.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও কলেজ (অট’নমাচ)ৰ ইক’ ক্লাৱৰ উদ্যোগত আৰু এন এছ এছ গোটৰ সহযোগত ‘পৰিকল্পনাৰ অংশ হওক’ এই বিষয়বস্তুক কেন্দ্ৰ কৰি ‘জৈৱ বৈচিত্ৰ্য দিৱস-২০২৪’ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। ইক’ ক্লাৱৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই অনুষ্ঠানত নগাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰণ্জিৎ কুমাৰ মজিন্দাৰে আদৰণী ভাষণ প্ৰদান কৰে।
ড০ মজিন্দাৰে অংশগ্ৰহণকাৰীসকলক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। নগাঁও কলেজৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰায়হান আহমেদে ২০২৪ বৰ্ষৰ জৈৱ বৈচিত্ৰ্য দিৱসৰ বিষয়বস্তু ‘পৰিকল্পনাৰ অংশ হওক’ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cdd8a14f-6585-4079-98c5-08b2b979241b/de3304ef-b52e-46f3-9934-ccdbd9211387.jpg)
এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰী তথা নগাঁও কলেজৰ এন এছ এছ গোটৰ এগৰাকী প্ৰাক্তন সদস্যা আৰু ‘মুখ্যমন্ত্ৰীৰ জলবায়ু সহনশীলতা গ্ৰাম্য ফেল'শ্বিপ-২০২৩’ ৰ কৰ্মী পাহি মহন্ত। পাহি মহন্তই এন এছ এছৰ জৰিয়তে কেনেদৰে জৈৱ বৈচিত্ৰ্যৰ সজাগতা আৰু সংৰক্ষণ মূলক কাম কৰিব পাৰি সেই সম্পৰ্কে এক মনোজ্ঞ বক্তব্য আগবঢ়ায়।
জৈৱ বৈচিত্ৰ্য দিৱসৰ লগত সংগতি ৰাখি ‘পোষ্টাৰ নিৰ্মাণ’ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই অনুষ্ঠানত দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু এন এছ এছৰ সদস্যই অংশগ্ৰহণ কৰে। সজাগতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠানটোৰ অন্ত পৰে।
Also Read: ৰাজধানী দিল্লীত পুনৰ বোমাৰ আতংক !