অন্তৰা কলাকেন্দ্ৰৰ বসন্ত উৎসৱৰ সামৰণি

নৱ প্ৰজন্মক জাতীয় লোক নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাই হৈছে উক্ত কৰ্মশালাৰ মূল লক্ষ্য আৰু উদ্দেশ্য
অন্তৰা কলাকেন্দ্ৰৰ বসন্ত উৎসৱৰ সামৰণি

ডিজিটেল সংবাদ,বেবেজীয়া : নৃত্য কলাৰ অন্যতম অনুষ্ঠান নগাঁৱৰ অন্তৰা কলাকেন্দ্ৰৰ উদ্যোগত ২৩মাৰ্চৰ পৰা অনুষ্ঠিত বসন্ত উৎসৱৰ কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে বিহুনৃত্যৰ লগতে জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে।

এই উপলক্ষে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত লোকনৃত্য আৰু সৃজনশীল নৃত্য প্ৰদৰ্শন কৰা হয়। শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত বিহুনৃত্য,বড়ো ,মিছিং আদি জনগোষ্ঠীয় নৃত্যই উপস্থিত দৰ্শকক সন্মোহিত কৰি তোলে।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সদানন্দ পায়েঙে অন্তৰা কলাকেন্দ্ৰৰ এই পদক্ষেপৰ শলাগ লৈ কয়- নৱপ্ৰজন্মৰ মাজত অসমৰ লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়োজন আছে। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ দীপক বৰায়ো অংশগ্ৰহণ কৰি মন্তব্য প্ৰদান কৰে।

সামৰণি অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে জ্যেষ্ঠ বিহুৱা ভূৱন চন্দ্ৰ দাস, ভোৰতালৰ সুদক্ষ শিল্পী তথা বৰপেটাৰ দীনেশ চন্দ্ৰ দাস,অন্তৰা কলাকেন্দ্ৰৰ অধ্যক্ষা মন্দিৰা ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। উদ্যোক্তাসকলে জনোৱা অনুসৰি কৰ্মশালাখনত বিভিন্ন স্থানৰ ১১০ গৰাকী শিক্ষাৰ্থীয়ে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। উদ্য়োক্তাই জনাই যে, নৱ প্ৰজন্মক জাতীয় লোক নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাই হৈছে উক্ত কৰ্মশালাৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

অন্তৰা কলাকেন্দ্ৰৰ বসন্ত উৎসৱৰ সামৰণি
প্ৰধানমন্ত্ৰীয়ে নাৰীসবলীকৰণৰ বাবে যথেষ্ট কাম কৰিছে : কংগনা ৰাণাৱট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in