/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ef3533cf-4aed-433d-af9c-d3e7deea9fbb/bihu.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইদঙীয়াত দেওবাৰৰে পৰা তেৰদিনীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডঙীয়া আঞ্চলিক সমিতি আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা ৷
বিয়লি কৰ্মশালাটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰবীন দাসে ৷ যুৱ সমাজকৰ্মী জগতজ্যোতি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া, যুটীয়া সম্পাদক হেমন্ত কুমাৰ দাস আৰু মিলন দাস, ৰাইদঙীয়া আঞ্চলিকৰ সভাপতি সুমন দাস, সম্পাদক ধৰ্মেন্দ্ৰ বৰা, সমাজসেৱক প্ৰবীন কলিতা, ধন্তি বৰা, বাপধন মহন্ত, বাপুৰাম দাস, প্ৰবীন শিল্পী মানিক কলিতা, সমাজকৰ্মী প্ৰদীপ বৰা, অনু দাস, প্ৰতিভাৱান অভিনেতা নিৰঞ্জন বৰাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
অঞ্চলৰ কণকণ শিশু, কিশোৰ কিশোৰী, যুৱক যুৱতী সহ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে জাগৃতি কলিতা, ৰিম্পি কৌৰ, কিৰণ বৰা, হিৰণ্য বৰুৱা আৰু কমল বৰাই প্ৰশিক্ষণ প্ৰদান কৰিব।
Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t081026437z-ap-newww-glm-2025-10-30-13-40-26.png)
Follow Us