নগাঁৱত বিহুনাচ-বিহুবাদ্য বাদনৰ আখৰা

নগাঁৱত বিহুনাচ-বিহুবাদ্য বাদনৰ আখৰা

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমীয়া জাতিৰ দেহ-মন ভৰোৱা ব'হাগৰ আগমনক লৈ যেন সমগ্ৰ ৰাজ্যত চলিছে বিহুনাচ আৰু বিহুবাদ্য বাদনৰ কৰ্মশালা। ইয়াৰ ব্যতিক্ৰম হোৱা নাই সাংস্কৃতিক ভাৱে চহকী নগাঁও চহৰো। নগঞা জ্যেষ্ঠ বিহুৱা বিহুৱতীৰ ব্যৱস্থাপনাত চহৰখনৰ তেলীয়াগাওঁ কলংপাৰ খেলপথাৰৰ চেনিমাই ক্ষেত্ৰত কালিৰ পৰা দহ দিনীয়াকৈ আয়োজন চলিছে কেন্দ্ৰীয় বিহুনাচ আৰু বিহুবাদ্য বাদনৰ আখৰা। বৃহস্পতিবাৰে পুৱা ৯ বজাত তেলীয়াগাঁও যুৱক সংঘৰ সভাপতি গোলাপ কলিতাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা আখৰাৰ ৯.৩০ বজাত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভানেত্ৰী হিমাদ্ৰী শ‌ইকীয়াই। বিহু সুৰক্ষা সমিতিৰ নগাঁও জিলাৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই স্মৃতি তৰ্পন কৰাল পাছতে আৰম্ভ হোৱা আখৰাৰ উদ্বোধনী সভাত উদ্বোধক হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী, কলংপৰীয়া বিহুৱা কৃষ্ণমণি নাথ উপস্থিত থাকে।

তেওঁ কয় যে বিহু অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন। ক'ৰবাত ক'ৰবাত যেতিয়া বিহুনাচে পশ্চিমীয়া ভংগিমা লয় তেতিয়া সেয়া আমাৰ অসমীয়া জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক। তাৰ পৰিবৰ্তে অভিজ্ঞ বিহুৱা বিহুৱতীৰ দ্বাৰা আয়োজন কৰা এনে আখৰাই উঠি অহা প্ৰজন্মক অসমীয়াৰ বাপতি সাহোন বিহুৰ স্বকীয়তাক বিশুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ শিকাব। এনে আখৰাৰ অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি কণ্ঠশিল্পী গৰাকীয়ে উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়।

আখৰাখনৰ মুখ্য পৰ্যবেক্ষক ধৰ্মেশ্বৰ হাজৰিকাই আঁতধৰা উদ্বোধনী সভাখনত একালৰ বিহুৱতী দীপালী দাস মজুমদাৰ, দীক্ষামণি মহন্ত, জ্যেষ্ঠ ঢুলীয়া তিলক বৰা, বিহুৱা খগেন বৰুৱা, কবি কুমাৰ বিভূতিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা আখৰাত ঢোলৰ ওজা নিতুল বৰা, ভূৱন দাস আৰু বৰদৈচিলা বিহুৱতী তথা বিহু সম্ৰাজ্ঞী জাগৃতি সন্দিকৈ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে।

৩১ মাৰ্চলৈকে চলিব লগা এই আখৰাত কোনো প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব খুজিলে ৯১০১২২৭২৩৯, ৬০০২৩৩১৪৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সমিতিৰ সভানেত্ৰী হিমাদ্ৰী শ‌ইকীয়া আৰু সম্পাদিকা বৰ্ণালী বেজবৰুৱাই জানিবলৈ দিয়ে।

নগাঁৱত বিহুনাচ-বিহুবাদ্য বাদনৰ আখৰা
আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in