পাঁচ শতাধিক বিহুৱতীয়ে কপালে উৰিয়াগাঁও খেলপথাৰ..

প্ৰস্তুতি পৰাশৰলৈ অভিনয় চন্দ্ৰমা,সোমনাথ বড়ালৈ ধনকলীয়া অভিধা প্ৰদান...

author-image
Asomiya Pratidin
New Update
পাঁচ শতাধিক বিহুৱতীয়ে কপালে উৰিয়াগাঁও খেলপথাৰ..

ডিজিটেল সংবাদ,নগাঁওঃ ঢোল,পেপা-গগনাৰ মাতত উদুলি-মুদুলি উৰিয়াগাঁৱৰ ঐতিহাসিক খেলপথাৰ৷ নগাঁৱৰ অন্যতম সামাজিক- সাংস্কৃতিক অনুষ্ঠান "গান্ধাৰ"ৰ উদ্যোগত ২ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰত লোকশিল্পী প্ৰয়াত বিষ্ণুৰাম মেধিৰ সোঁৱৰণত সদৌ অসম বিহুৰ আখৰা ২০২৪ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ দিনীয়া বিহু নাচ, জেং বিহু, বিহু নাম, ঢোল আৰু পেঁপাবাদনৰ কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে শিল্পী ক্ৰমে বোকাখাতৰ ৰিমঝিম গগৈ,নগাঁৱৰ ইন্দিৰা দেউৰী,পদুম প্ৰসাদ শইকীয়া,চন্দ্ৰ শইকীয়া আৰু শংকৰ দাসে।

Advertisment

কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে দেওবাৰে সন্ধিয়াৰ পৰা সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ সামৰণিৰ মুকলি বিহুত পাঁচশ বিহুৱতীৰ বিহু নাচ প্রদর্শন,বিভিন্ন জনগোষ্ঠীয় নৃত্যানুষ্ঠান,আমন্ত্ৰিত বিহু দলৰ বিহু নাচ কেবাগৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতেই ঢোলৰ ওজা সোমনাথ বড়ালৈ ধনকলিয়া অভিধা আৰু বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ অভিনয় চন্দ্ৰমা অভিধা প্ৰদান কৰে।

আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ (এথলিকচ) হিমা দাসৰ মাতৃ জোনালী দাস আৰু তেজপুৰৰ ৰুবী বৰদলৈক "গান্ধাৰ আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰাৰ উপৰিও কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক,উপাসক হিৰু প্ৰসাদ মহন্তলৈ "শিল্প প্ৰাজ্ঞ" বঁটা ২০২৪ প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰস্তুতি পৰাশৰ,সোমনাথ বড়াৰ লগতে ডাঃ অৰূপ জ্যোতি মহন্ত,দীপক বৰা, সুৰেশ বৰা,হীৰু মহন্ত,নিকুমণি মহন্ত আদি উপস্থিত থাকে।

Also Read: বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি

rongali bihu uriya gaon news uriyagaon bohag bihu uriyagaon bihu