বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি

author-image
Asomiya Pratidin
New Update
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি

ডিজিটেল সংবাদ,ঘিলাধাৰী : যোৱা ২৭ আৰু ২৮ এপ্ৰিলত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৩০সংখ্যক ৰঙালী বিহু সন্মিলনৰ দেওবাৰে সফলভাৱে সামৰণি পৰে। সেই উপলক্ষে পহিলা দিনা পুৱা ৩০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৩০ খন পতাকা উত্তোলন কৰাৰ লগতে বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে উদ্ যাপন সমিতিৰ সভাপতি দিগন্ত বৰাই আৰু ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ভাস্কৰ জ্যোতি নেওগে ৷

Advertisment

ছহিদ তৰ্পন কৰে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য্য পাঠকে আৰু ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ তৰ্পন কৰে বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ডে।

ইয়াৰ পাছতে প্ৰয়াত ড° বিষ্ণু প্ৰিয়া শইকীয়া শৰ্মা সোঁৱৰণী মঞ্চ উদ্বোধন কৰা হয় ৷ উদ্ধোধন কৰে উদযাপন সমিতিৰ হুঁচৰি দলে ৷ প্ৰতিযোগিতা উদ্ধোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতা দত্তই।

দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাতিলৈ সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ভাগ্যশ্ৰী হাজৰিকা, দ্বিতীয় পুৰস্কাৰ অভলিপ্ৰিয়া কলিতা, তৃতীয় স্থান লাভ কৰে গংগোত্ৰী শইকীয়াই।

২৮ এপ্ৰিল অৰ্থাৎ দ্বিতীয় দিনা পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুদ্ধিন্দ্ৰ নাথ হাজৰিকাই। দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ লগতে হুঁচৰি, মুকলি বিহু প্ৰদৰ্শন কৰা হয়।

সন্ধিয়ালৈ উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ গিৰিপণি উন্মোচন কৰা পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। ৰাতিলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে গীতৰ শৰাই আগবঢ়াব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷

Also Read: বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ...

rongali bihu GHILADHARI