/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5b959125-5c8d-4775-8027-9b4872a26379/158.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ শিক্ষা-ক্ৰীড়া-সাংস্কৃতিক সংগমস্থলী ডিমৌ চাৰিআলিস্থিত ঐতিহ্যমণ্ডিত শালমৰা হাইস্কুলত মঙলবাৰে বিদ্যালয় প্ৰাংগনত এটি নৱ-নিৰ্মিত চাইকেল ষ্টেণ্ড উদ্ধোধন কৰা হয়। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা যোৱা বৰ্ষত অৱসৰগ্ৰহণ কৰা সাংস্কৃতিবান কৃতি শিক্ষয়ত্ৰী জিনু দাস ৰাজখোৱাই পেঞ্চনৰ ধনেৰে ছাত্ৰ-ছাত্ৰীৰ বাবে উক্ত চাইকেল ষ্টেণ্ডটো উৎসৰ্গা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fcc025b4-ab7c-4471-b8d6-597c7f1f3501/8f9750ef_9a24_428f_85f4_bb9d4aad4a68.jpg)
আজি দুপৰীয়া উখল মাখল পৰিৱেশত নৱনিৰ্মিত চাইকেল ষ্টেণ্ডটো উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ মহেশ্বৰ দেৱগোস্বামীয়ে। উদ্বোধনী ভাষণত কৃতি শিক্ষকগৰাকীয়ে কয় যে, বৰ্তমান সময়ত ভোগবাদী সমাজ ব্যৱস্থাই মানুহক আত্মকেন্দ্ৰিক কৰি তুলিছে । ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, অধ্যয়নৰ সমান্তৰালকৈ সকলোৰে জীৱনৰ প্ৰতি দয়াৱান হ'বলৈ আহ্বান জনায়।
বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন মুক্তিয়াৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামী, সমাজকৰ্মী লক্ষী দাস প্ৰাক্তন প্ৰধান শিক্ষক যোগেন দাস, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ইৰালতা মেধি, চিত্ৰ-শিল্পী শান্তি ৰাজখোৱা, শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাস,পৰমানন্দ হাজৰিকা,জিতেন দাস,প্ৰাক্তন ছাত্ৰ নেতা পংকজ দাস, সুভদ্ৰা বৰদলৈকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, পেঞ্চনৰ ডেৰ লক্ষ ধনেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটি অভাৱৰ সামগ্ৰী উপহাৰ দিবলৈ পাই মনত পৰম সন্তুষ্টি লাভ কৰে বুলি শিক্ষয়িত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Also Read: গ্ৰেপ্তাৰ হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ! কাইলৈ হাজিৰ হ'ব লাগিব যোৰহাট থানাত