/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7bb78682-5c5f-4b6c-a10f-df39243fba22/k3.jpg)
ডিজিটেল সংবাদ,নগাঁও : ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ মৰিকলংস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনটি নতুন ৰূপত আটকধুনীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উপলক্ষে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া কাৰ্যালয় গৃহটিৰ বৃহস্পতিবাৰে ভূমি পূজন কৰা হয়।
নতুনকৈ নিৰ্মান হ'বলগীয়া "বাজপেয়ী ভৱন"ৰ ভূমি পূজন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবেই নতুন ৰূপ লাভ কৰিব নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ে।
ভূমি পূজনৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ,বিধায়ক ৰূপক শৰ্মা ,জিতু গোস্বামী,এছ টি চিৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ বিভিন্ন বিষয় ববীয়া তথা সদস্যসকল উপস্থিত থাকে। নতুনকৈ অত্যাধুনিক ৰূপত তিনিমহলাকৈ ভৱনটো নিৰ্মান কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fc5e2766-29f5-4be6-8884-69571e1421e4/e53241a7_0fd0_4d7d_8482_eceb9e428096.jpg)
আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ধুবুৰী জিলাৰ হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ পুঁজি প্ৰদান