/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8dd97296-2d2e-4d0a-8076-2f635a4bae6e/k2.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃপ্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত বৃহস্পতিবাৰে ধুবুৰী জিলাৰ ২৭,৫০০ গৰাকী নতুন হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ পুঁজি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷ ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত এই প্ৰক্ৰিয়াৰ আৰম্ভ কৰা হয়।
উপায়ুক্ত নাথে কিছুসংখ্যক হিতাধিকাৰীক অনুমোদন পত্ৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিতাধিকাৰীসকলক উদেশ্যি লিখা এখন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ হিতাধিকাৰীসকলৰ বেংক একাউন্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা পোনপটীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
অনুষ্ঠানত জিলা উপায়ুক্তই গৃহ নিৰ্মাণৰ বাবে লাভ কৰা পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰৰ কাম শেষ কৰিবলৈ হিতাধিকাৰীসকলক আহ্বান জনায় ৷ জিলা গ্ৰামোন্নয়ণ অভিকৰণৰ প্ৰকল্প সঞ্চালক বিশ্বজিৎ গোস্বামী, সমাজকৰ্মী ভগীৰথ ওজা প্ৰমুখ্যে ধুবুৰী জিলাৰ খণ্ড উন্নয়ণ বিষয়াসকল আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ নতুন হিতাধিকাৰীসকল অনুষ্ঠানত উপস্থিত থাকে ৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ নতুন হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন বিতৰণৰ বাবে গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচী পোনপতীয়াকৈ দেখুওৱা হয় বুলি জনায় ৷
আৰু পঢ়কঃ"আমাৰ ছাৰক যাবলৈ নিদিও" কান্দি কান্দি ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us