স্বাধীনতাৰ সংগ্ৰামৰ সাক্ষী মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যু

স্বাধীনতাৰ সংগ্ৰামৰ সাক্ষী মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যু

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ পূৱ আমোলাপট্টি নিবাসী, প্ৰবীণ মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ বুধবাৰে দুপৰীয়া নিজবাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ।

উল্লেখযোগ্য যে- বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌত আগবাঢ়ি আহিছিল মুক্তি সংগ্ৰামী সকলৰে এগৰাকী অসমীয়া মহিলা ভোগেশ্বৰী ফুকননী l নগাঁও জিলাৰ বৰহমপুৰ নিবাসী ভোগেশ্বৰী ফুকননীৰ ছজন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ। ছহিদ ভোগেশ্বৰী ফুকননীৰে কন্যা ৰত্নমালা গোহাঁই ।

উল্লেখযোগ্য যে ৪২'ৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ ওলাই আহিছিল বৰহমপুৰৰ বোৱাৰী ভোগেশ্বৰী ফুকননী l পুলিচ মিলিটেৰীৰ আগমনৰ লগে লগে ' বন্দে মাতৰম্ ' ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰিল l ওচৰৰ গাঁৱৰ পৰা দলে বলে মানুহে হাতত পতাকা লৈ শোভাযাত্ৰা কৰিবলৈ ওলাই আহিল l দলৰ সন্মুখত হাতত পতাকা লৈ আহিল ৰত্নমালা আৰু লগত মাতৃ ভোগেশ্বৰী ফুকননী l পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিছে ষোড়শী গাভৰু ৰত্নমালা গোহাঁইৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগা পতাকাখন কাঢ়ি অনাৰ চেষ্টা কৰিলে l তনা আঁজোৰাত ৰত্নমালা গোহাঁই মাটিত পৰি গ'ল আৰু ত্ৰিৰংগা পতাকাৰ এনে অপমান দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পতাকাখন মাৰি ডালেৰে ফিনিছ চাহাবৰ মুখত মাৰি দিলে l এনে অপমানত ক্ৰোধান্বিত হৈ ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰা ওপৰিকৈ গুলী মাৰি দিলে l

বিগত ৪২' চনৰ ১৮ চেপ্তেম্বৰত সংঘটিত এই ঘটনাতে স্বাধীনতা আন্দোলনৰ অসমৰ অন্যতম মহিলা শ্বহীদ ৫৭ বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীন মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পেলায়।

স্বাধীনতাৰ সংগ্ৰামৰ সাক্ষী মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যু
বেবেজীয়াত মাহিন্দ্ৰাৰ নতুন বিলাসী বাহন মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in