বেবেজীয়াত মাহিন্দ্ৰাৰ নতুন বিলাসী বাহন মুকলি

বেবেজীয়াত মাহিন্দ্ৰাৰ নতুন বিলাসী বাহন মুকলি

ডিজিটেল সংবাদ, বেবেজীয়াঃ আগশাৰীৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাৰ নগাঁৱৰ বেবেজীয়াৰ সমীপৰ শেনচোৱাস্থিত শ্ব'ৰূম জি ডি মটৰ্ছত বুধবাৰে উন্মোচন কৰা হয় মাহিন্দ্ৰা এক্স ইউ ভি ৭০০ৰ এক নতুন সংস্কৰণ ।

মূলতঃ ক’লা ৰঙৰ এই এক্স ইউ ভি ৭০০ ৰ নতুন সংস্কৰণটোত সংযোজন কৰা হৈছে ফ্ৰণ্ট ভেণ্টিলেটেড চিট,ব্লেক আউট থিম,অ' আৰ ভি এমৰ সৈতে মিৰ’ৰ মেম’ৰিৰ লগতে এডভান্সড কানেকটেড কাৰ চুইচ ৷ অত্যাধুনিক সা-সুবিধাৰে উপলব্ধ এই গাড়ীখন গ্ৰাহকে ক্ৰয় কৰিব বিচাৰিলে বহু আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানে ফাইনেঞ্চৰ জৰিয়তে বিত্তীয় সহায় আগবঢ়াব বুলি জানিবলৈ দিলে ডীলাৰ কৰ্তৃপক্ষই ।

আনহাতে যিসকল লোক আগৰে পৰাই মাহিন্দ্ৰাৰ গ্ৰাহক সেইসকলৰ বাবে এই নতুন এক্স ইউ ভি ৭০০ কিনাৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ লাভজনক বিষয় যে তেওঁলোকে এই বিলাসী বাহনখনত পঞ্চাশ হাজাকলৈকে বিভিন্ন এছেচ’ৰিজত ৰেহাই পাব ৷ এই উন্মোচনী অনুষ্ঠানত ডীলাৰটোৰ কৰ্মকৰ্তা সকলৰ উপৰিও বহুকেইটা ফাইনেঞ্চ কোম্পানীৰ বিষয়াৰ উপৰিও বেংকৰ প্ৰতিনিধিও উপস্থিত আছিল । উল্লেখ্য যে,১৯৪৫ চনতেই প্ৰতিষ্ঠা লাভ কৰা দেশীয় বাহন নিৰ্মাণৰ প্ৰতিষ্ঠান মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাই স্পৰ্টছ ইউটিলিটি ভেহিকলৰ জৰিয়তে সমগ্ৰ বিশ্বৰেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

বেবেজীয়াত মাহিন্দ্ৰাৰ নতুন বিলাসী বাহন মুকলি
জন্ম হোৱাৰ কেইদিনমান পাছতেই নৱজাতকক হত্যা কৰি পেলাই থৈ গ'ল হাবিৰ মাজত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in