বঢ়মপুৰত আনন্দ-উল্লাসৰে ৰাইজে পাতিলে ভেকুলী বিয়া

বঢ়মপুৰত আনন্দ-উল্লাসৰে ৰাইজে পাতিলে ভেকুলী বিয়া

ডিজিটেল সংবাদ,বঢ়মপুৰ : জেঠ মহীয়া ১২ খৰে ধৰাক কৰিছে তপত। যাৰ বাবে উৎকট গৰমে দহিছে ৰাজ্য।

বেলিৰ তাপত শুকাই চিৰাল ফাট মাৰিছে কৃষকৰ পথাৰ। সূৰ্যৰ উত্তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে খেতিডৰাৰ বাবে এজাক বৰষুণৰ বাবে আশাৰে বাট চাই ৰৈছে খেতিয়কসকলে। কৃষকৰ দেহ-মন শাত পেলাব পৰা বহু প্ৰত্যাশিত বৰষুণজাকক আগমন ঘটাবৰ বাবে চহা অসমীয়া ৰাইজে পালন কৰি আহিছে "ভেকুলী বিয়া"ৰ পৰম্পৰা।

এই পৰম্পৰাকে ধৰি ৰাখি নগাঁও জিলাৰ বঢ়মপুৰ তিনিআলি বৰনামঘৰ প্ৰাঙ্গণত ৰাইজে দেওবাৰে নিশা উলহ-মালহৰ মাজেৰে অনুষ্ঠিত কৰে ভেকুলীৰ বিয়া। অঞ্চলটোৰ প্ৰায় সকলো পুৰুষ-মহিলা, যুৱক-যুৱতী ওলাই আহি পূৰ্বে ধৰি ৰখা এযোৰা ভেকোলা-ভেকুলিক সকলো পৰম্পৰাগত ৰীতি-নীতি অনুযায়ী আবদ্ধ কৰিলে বিবাহপাশত।

আনন্দ-উল্লাস, অতিথি আপ্যায়নৰ মাজেৰে সুকলমে সমাপন হ'ল বিবাহকাৰ্য। অতি লক্ষণীয়ভাৱে আশা কৰা মতেই ৰাইজে পালে সুফল।

নিশালৈ এজাক মুষলধাৰ বৰষুণে ধুৱাই নিলে বঢ়মপুৰকে ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চল। তিয়াই থৈ গ'ল খেতিপথাৰ, অৱনমিত হ'ল পাৰাস্তম্ভ, গৰমৰ পৰা কিছু সকাহ পালে ৰাইজে। কাৰ্যতঃ পুনৰাই যেন অসমীয়াৰ জাউতিযুগীয়া পৰম্পৰাই হাহিঁবোৰ বিৰিঙাই তুলিলে কৃষকৰ মুখত।

বঢ়মপুৰত আনন্দ-উল্লাসৰে ৰাইজে পাতিলে ভেকুলী বিয়া
আই পি এল-২৪ : খিতাপ বঞ্চিত হ'লেও জেপ গধুৰ হ'ল এইসকল খেলুৱৈৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in