APSত ১৭নং স্থানত জিলিকিল কামপুৰৰ ভাস্কৰ শিখা শইকীয়া

APSCৰ চুড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ কামপুৰৰ তেতঁলীসৰাৰ ভাস্কৰ শিখা শইকীয়া অসম আৰক্ষী সেৱা(APS)ত ১৭ নং স্থান লাভ কৰাত ভাস্কৰৰ নিজা অঞ্চলটোত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।

author-image
Asomiya Pratidin
New Update
APSত ১৭নং স্থানত জিলিকিল কামপুৰৰ ভাস্কৰ শিখা শইকীয়া

ডিজিটেল সংবাদ, কামপুৰঃ APSCৰ চুড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ কামপুৰৰ তেতঁলীসৰাৰ ভাস্কৰ শিখা শইকীয়া অসম আৰক্ষী সেৱা(APS)ত ১৭ নং স্থান লাভ কৰাত ভাস্কৰৰ নিজা অঞ্চলটোত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।

Advertisment

ফলাফল ঘোষনাৰ পিছতে ভাস্কৰৰ বাসগৃহত বহুসংখ্যক লোক উপস্থিত হৈ ভাস্কৰক সম্বৰ্ধনা জনোৱাৰ লগতে নিশাৰ ভাগলৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতূ গোস্বামী ভাস্কৰৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায়।

উল্লেখ্য যে ভাস্কৰ শিখা শইকীয়াই প্ৰথম প্ৰচেষ্টাতে APSC ত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

Also Read: ২ ফেব্ৰুৱাৰীত আহি আছে এখন নতুন অসমীয়া ছবিঃ "সত্য-THE TRUTH"

apsc aps nagaon