২ ফেব্ৰুৱাৰীত আহি আছে এখন নতুন অসমীয়া ছবিঃ "সত্য-THE TRUTH"

২ ফেব্ৰুৱাৰীত আহি আছে এখন নতুন অসমীয়া ছবিঃ "সত্য-THE TRUTH"

ডিজিটেল ডেস্কঃ কভিডৰ পাছত বহু নৱ-নিৰ্মিত ছবিয়ে অসমৰ চলচ্চিত্ৰ জগতখনক এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে ৷ বিগত সময়ৰ তুলনাত অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ নাইবা প্ৰসাৰে চলচ্চিত্ৰ জগতখনৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থকা লোকসকলকো  যথেষ্ট সকাহ দিছে ৷ শেহতীয়াকৈ এটা ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত হৈছে এখন অসমীয়া ছবি ৷ পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত চিটি প্ৰডাকচনৰ বেনাৰত পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে নিৰ্মাণ কৰিছে নতুন অসমীয়া ছবি "সত্য-THE TRUTH"৷

এই ছবিখন ২ ফেব্ৰুৱাৰীত অসমৰ সকলো ছবিগৃহত মুক্তি লাভ কৰিব৷ বৃহস্পতিবাৰে বেলতলাস্থিত মেট্ৰিক্স চিনেমা গৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’৷  'চিটি প্ৰডাকচন'ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ, পৰিচালনা কৰিছে ৰূপজ্যোতি বৰঠাকুৰে আৰু কাহিনী উৎপল উপমান্যৰ। ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই ,গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ । গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতী ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই ।

চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস তথা নৱাগত অভিনেতা ৰাকেশ বৰুৱাই। মুখ্য চৰিত্ৰত অভিনয় কৰা উৎপল দাসৰ অভিনয়ত নতুনত্ব প্ৰকাশ পোৱাৰ লগতে নিজস্ব শৈলীৰে তেওঁ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে। ইয়াৰোপৰি চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

বৰ্তমান সময়চোৱাত LGBTQ বিষয়ক কথা-বতৰাবোৰ মানুহৰ মাজত সহজ হৈ পৰিছে । এজন পুৰুষ আন এজন পুৰুষৰ প্ৰতি বা এজনী নাৰী আন এজনী নাৰীৰ প্ৰতি আকৰ্ষিত হোৱা বা প্ৰেমৰ অনুভৱ কৰাতো এতিয়া অস্বাভাৱিক হৈ থকা নাই । কিছুসংখ্যক লোকে এই কথা সহজ ভাৱে ল’বলৈ টান পালেও ব্যক্তি বিশেষৰ শাৰীৰিক আৰু মানসিক এই অনুভৱবোৰ কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সমাজত স্পৰ্শকাতৰ বিষয় সমকামিতাক যাতে সমাজে লাহে লাহে গ্রহণ কৰিবলৈ চেষ্টা কৰে তাৰেই এক বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে। চন্দন তালুকদাৰৰ চিত্রনাট্যই ছবিখনক  ব্যতিক্ৰমীৰূপত উপস্থাপন কৰিছে। কাহিনীটো যথেষ্ট শক্তিশালী বিষয়বস্তুৰে নিৰ্মাণ হ'লেও কোনোবাখিনিত কিছু জঠৰতা মন কৰা যায় । ছবিখনত প্ৰতিজন অভিনেতা- অভিনেত্ৰীৰে অভিনয় সাৱলীল । এটা কথা উল্লেখ কৰিব লাগিব যে ছবিখনৰ কিছুমান দৃশ্য প্ৰতিকীধৰ্মিতাৰে প্ৰদৰ্শন কৰিব পাৰিলে হেতেন, কিন্তু পৰিচালকৰ সাহকিতা মন কৰিবলগীয়া। ফায়াৰৰ দীপা মেহতাৰ দৰে অসমীয়া ছবিত এনে দৃশ্য সংযোজন কৰা সহজ কথা নহয়।

ছবিখনৰ ইতিমধ্যে ২০২৩ বৰ্ষৰ জুনত কশিষ: মুম্বাই আন্তঃৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায় । বিশ্বৰ ৪১ খন দেশৰ ১১০ খন চিনেমা প্ৰদৰ্শিত হোৱা এই মহোৎসৱত "সত্য-THE TRUTH"ক ইণ্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হয় । লগতে মুম্বাইতো ২০২৩ চনৰ আগষ্টত অনুষ্ঠিত হোৱা ১১ সংখ্যক ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি চিকাগো দক্ষিণ এচিয়ান চলচিত্র মহোৎসৱত যোৱা চেপ্তেম্বৰত চিকাগো চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছে।

ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে ছবিখন।

হিতেন ঠাকুৰীয়াই চিত্রগ্ৰহণ কৰা এই ছবিখনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে আৰু শব্দ সংযোজন আৰু সংমিশ্রণ কৰিছে অমৃত প্ৰীতমে।

২ ফেব্ৰুৱাৰীত আহি আছে এখন নতুন অসমীয়া ছবিঃ "সত্য-THE TRUTH"
ঢকুৱাখনাত মন্ত্ৰী অতুল বৰাৰ খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in