অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ভাগৱত পাঠ...

অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ভাগৱত পাঠ...

author-image
Asomiya Pratidin
New Update
অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ভাগৱত পাঠ...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বৃহত্তৰ কন্দলী অঞ্চলৰ ধৰ্মীয় প্ৰাণকেন্দ্ৰস্বৰূপ অনুষ্ঠান অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা " ভাগৱত পাঠ"ৰ আয়োজন কৰা হৈছিল। এই কায্যসূচীৰ দেওবাৰে বিয়লি সফল সামৰণি পৰে।

বড়ো, কাৰ্বি, তিৱা, ৰাভা, চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলেৰে বাস কৰা বৃহত্তৰ অঞ্চলটোৰ লোকে ভাগৱত পাঠৰ এই দুদিনীয়া কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰ এক মিলনভূমিলৈ পৰিণত কৰে।

শনিবাৰে পুৱাৰে পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সোঁত বোৱা মন্দিৰত ভাগৱত শোভাযাত্ৰা, ভাগৱত স্থাপন, নামপ্ৰসংগ, অঞ্চলৰ মহিলাসকলৰ দ্বাৰা দিহানাম আদি বিভিন্ন কাৰ্য্যসূচীৰে বৃহত্তৰ অঞ্চলটো ভক্তিৰসৰে মুখৰ হৈ পৰে ।

Also Read: কেন্দুকোনাৰ বামুণ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এগৰাকী মহিলা

brahampur