/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/88ae1866-9433-4cf7-8cfd-e710159b747b/choraideu_14.jpg)
চৰাইদেউত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা...
ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত শনিবাৰে জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখন পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কৰ্মশালাৰ আয়োজন কৰা হয়। জিলাখনৰ মূল পথসমূহ স্পৰ্শ কৰি থকা মুঠ ৩০ খন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন'ডেল শিক্ষকসকলক সামৰি আয়োজিত এই কৰ্মশালাৰ দুৱাৰ মুকলি কৰে জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।
উন্মোচনী ভাষণত আয়ুক্তগৰাকীয়ে জনতাৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতাৰ এৰাব নোৱৰা প্ৰয়োজনীয়তাৰ কথা দোহাৰে। বিশেষকৈ ব্যক্তিগতভাৱে বাইক, স্কুটী আদি চলাই শিক্ষানুষ্ঠানলৈ যোৱা শিক্ষাৰ্থীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ যথাযথ পৰীক্ষণ আৰু তথ্য লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত কোনো শিথিলতা থাকিব নালাগে বুলি তেওঁ মত পোষণ কৰে।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনে কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি মত প্ৰকাশ কৰে যে, কেৱল জৰিমনা বিহিলেই দুৰ্ঘটনা ৰোধ নহয়, ইয়াৰ বাবে প্ৰয়োজন ট্ৰেফিক আইনৰ যথাযথ জ্ঞান আৰু জন-সজাগতাৰ।
উক্ত কৰ্মশালাত চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা পথ সুৰক্ষা সমিতিৰ সদস্য দেৱজ্যোতি গগৈয়ে শিক্ষক তথা অভিভাৱকসকলৰ সু-আচৰণ উঠি অহা চামে সদায় অনুকৰণ কৰে বুলি মত প্ৰকাশ কৰি কয় যে, ৰাজহুৱা স্থানত যাতায়াত কৰোঁতে সদায় নিয়ম মানি চলাৰ লগতে উঠি অহা চামকো শিকোৱা উচিত। এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।
কৰ্মশালাত অংশগ্ৰহণ কৰি জিলা লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অঞ্জন দে আৰু জিলা পৰিবহন বিষয়া দীপজ্যোতি নেওগে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ যোগেদি পথ সুৰক্ষাৰ নীতি নিয়ম তথা অন্যান্য কাৰিকৰী দিশসমূহ উপস্থিত শিক্ষকসকলক অৱগত কৰায়।
জিলা পথ সুৰক্ষা সমিতিৰ সদস্য তথা আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক হোমেন গগৈয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকি সুৰাপান কৰি যান-বাহন চলোৱাৰ বিষম পৰিণতিৰ বিষয়ে শিক্ষাৰ্থীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পথ সুৰক্ষা সমিতিৰ তৰফৰপৰা শিক্ষানুষ্ঠানসমূহত সজাগতা অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে।
এইসকলৰ উপৰি কৰ্মশালাত অংশগ্ৰহণ কৰি চৰাইদেউৰ চিকিৎসা বিষয়া ডাঃ জ্যোতি শ্যামে দুৰ্ঘটনাৰ সময়ত ল'বলগীয়া তাৎক্ষণিক আৰু ফলপ্ৰসূ চিকিৎসা প্ৰদানৰ লগতে ১০৮ এম্বুলেন্স ব্যৱস্থাপনা সম্পৰ্কীয় বিভিন্ন দিশত আলোকপাত কৰে।
Also Read: ৰোহিত শৰ্মাৰ হাতত পতন পাকিস্তানৰ পেছ আক্ৰমণৰ দম্ভঃ বিশ্বকাপত ভাৰত অপ্ৰতিৰোধ্য...