উপ-জিলা সদৰ কাৰ্যলয় বঢ়মপুৰত স্থাপনৰ দাবী বঢ়মপুৰ নাগৰিক সভাৰ...

নগাঁও জিলা আয়ুক্তক আবেদন প্ৰদান
উপ-জিলা সদৰ কাৰ্যলয় বঢ়মপুৰত স্থাপনৰ দাবী বঢ়মপুৰ নাগৰিক সভাৰ...
উপ-জিলা সদৰ কাৰ্যলয় বঢ়মপুৰত স্থাপনৰ দাবী বঢ়মপুৰ নাগৰিক সভাৰ...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ ৰাজ্যপালৰ এক নিৰ্দেশ মৰ্মে অসমৰ মুঠ ৭৮ টা বিধানসভা সমষ্টিত উপ-জিলা গঠন আৰু দুগৰাকীকৈ ACS বিষয়াক উপায়ুক্ত আৰু উপ-জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ ঘোষণাক বঢ়মপুৰ নাগৰিক সভাই আদৰণি জনাইছে আৰু সমষ্টি পুনৰ গঠনৰ দৰে এইয়া শাসকীয় পক্ষৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে নহৈ জাননীত উল্লেখ কৰাৰ দৰে সমষ্টিবাসীৰ কামকাজ ক্ষীপ্ৰতাৰে আৰু সুচাৰুৰূপে কৰিবৰ বাবে কৰা হৈছে বুলি আশা কৰে।

উল্লেখযোগ্য যে, নিৰ্দেশনাটোত উপজিলাসমূহৰ কাৰ্যালয় সমষ্টিৰ মধ্যস্থলত সকলোৰে সুবিধা হোৱাকৈ স্থাপন কৰাৰ কথা স্পষ্টকৈ কোৱা হৈছে যদিও নগাঁও জিলাৰ মুঠ ৬ খন উপজিলাৰ বঢ়মপুৰ উপজিলাৰ কাৰ্যালয় বঢ়মপুৰ সমষ্টিৰ মধ্যস্থল বঢ়মপুৰত নকৰি কামপুৰত হ'ব বুলি কয়। বিধায়ক জিতু গোস্বামীয়ে কামপুৰত পৌৰসভা থকা হেতু কামপুৰত উপজিলাৰ কাৰ্যালয় হ'ব বুলি চৰম মিথ্যাচাৰেৰে সমষ্টিবাসীক আভুৱা দিবলৈ কৰা এনে কাৰ্য্যক নগাঁও নাগৰিক সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বছৰটোত কেইবাবাৰো বানৰ কবলত পৰা কামপুৰত উপজিলাৰ কাৰ্যালয় স্থাপন কৰাৰ টোগলগী সিদ্ধান্ত পৰিহাৰ কৰি সকলোৰে সুবিধা হোৱাকৈ কেন্দ্ৰস্থলত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে।

ইয়াৰোপৰি নগাঁও নাগৰিক সভাই উপজিলাৰ কাৰ্যালয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ দ্বায়িত্ব প্ৰাপ্ত জিলা আয়ুক্তগৰাকীক বঢ়মপুৰৰ লগতে আন উপজিলাসমূহৰ ক্ষেত্ৰতো ৰাইজৰ সহায়ক হোৱাকৈ উপজিলাৰ কাৰ্যালয়সমূহ স্থাপন কৰিবলৈ অনুৰোধ জনায়। আজি বঢ়মপুৰ নাগৰিক সভাই নগাঁৱৰ আয়ুক্তক এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

উপ-জিলা সদৰ কাৰ্যলয় বঢ়মপুৰত স্থাপনৰ দাবী বঢ়মপুৰ নাগৰিক সভাৰ...
বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়াত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in