ধিংৰ উত্তৰ কমলাবাৰী শাখা সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা...

ধিংৰ উত্তৰ কমলাবাৰী শাখা সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা...
ধিংৰ উত্তৰ কমলাবাৰী শাখা সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং নামডুমডুমীয়াত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত আজি গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচী ভাগ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱাৰে পৰা অঞ্চলটোৰ ভকত বৈষ্ণৱ, আইমাতৃসকলৰ উপস্থিতিত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়।

কাৰ্য্যসূচী অনুসৰি ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে। ৮ বজাত খোল প্ৰসংগৰ পাছত গায়ন বায়ন, আয়তীৰ মংগল ধ্বনিৰে উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে।

লগে লগে নামাচাৰ্য(আতৈ) মনিৰাম কেওঁটৰ সহিতে উপস্থিত সমস্ত ভকত বৈষ্ণৱ আইমাতৃৰ নাম কীৰ্তনৰে মুখৰিত হৈ পৰে নামডুমডুমীয়াত সত্ৰ। উল্লেখ যে, উত্তৰ কমলাবাৰী সত্ৰৰ বিংশতিতম সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে অহা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চদশ বৰ্ষত ভৰি দিব।

তেখেতৰ শিষ্য, প্ৰশিষ্য, শুভাকাংখী সকলৰ তৎপৰতাত তেখেতৰ পঞ্চদশ বৰ্ষৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি বৰ্ষজোৰা কাৰ্যসূচীৰে ৰাজ্যৰ ৫০ খন স্থানত নৱ প্ৰজন্মক আধ্যাত্মিক দৰ্শনৰ লগত সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। এই সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ পঞ্চদশ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে আজি বিয়লি ধিং নামডুমডুমীয়া উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত "যুৱ মানসিকতাৰ উত্তৰণত মানসিক চিন্তন" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়।

নামডুমডুমীয়া সত্ৰৰ নামলগোৱা তথা সমাজ সংগঠক প্ৰফুল্ল বৰুৱাই আঁত ধৰা গাাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট কবি, সাহিত্যিক দিলীপ কুমাৰ নাথে কয় "শব্দ ব্ৰহ্ম যদি আমি সম্পূৰ্ণ ৰূপত আয়ত্ব কৰিব পাৰোঁ, তেতিয়া আমি পৰম ব্ৰহ্মক জানিব পাৰিম। শিক্ষাই মুক্তি দান কৰে। কিন্ত আমাৰ যি শিক্ষা ব্যৱস্থা আছে, সেয়াই মুক্ত দানৰ পথ দেখুৱাব নোৱাৰে। ধৰ্মই সত্য, সত্যই ধৰ্ম। সত্যৰ পথেৰে পৰম ব্ৰহ্মক পাৰ পাৰি।"

ইফালে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে কয়, "তিনি বস্ত্ৰ পিন্ধিলেই ভকত নহয়। ভকত হবলৈ আমাৰ আত্মাৰ উত্তৰণ হব লাগিব। আমি কিমান শৃংখল হৈছোঁ। আমাৰ আহাৰ, বাক্যত শৃংখলাতা থাকিব লাগিব। নেপাই বুলি কলেই নহব, কিয় কিয় নেপাই, বৈজ্ঞানিক বিশ্লেষণ কৰি বুজাই দিব লাগিব। আমাৰ মন মগজু শৰীৰ একাত্ম হব লগিব। আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰি জীৱন সুন্দৰ কৰিব পাৰোঁ।"

ওপৰ ডুমডুমীয়া সত্ৰৰ ড০ অচ্যুত শইকীয়াই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত সাংবাদিক দিব্যজ্যোতি বৰুৱা, ওপৰ ডুমডুমীয়া সত্ৰৰ বাপ্তি শইকীয়াৰ লগতে ধিং নামডুমডুমীয়াত সত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল উপস্থিত থাকে।

ধিংৰ উত্তৰ কমলাবাৰী শাখা সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা...
কৰ্কট ৰোগী মাতৃৰ মুখ নেদেখিলে পুত্ৰইঃ দুৰ্বৃত্তৰ দলে কাটি টুকুৰা টুকুৰ কৰিলে বাবুলৰ দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in