/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fe28270c-a042-4229-9ef8-9288221d990c/kaliabor_9.jpg)
অচিন পোকৰ সন্ত্ৰাসত ব্যাহত পাঠদানঃ ৩ দিনলৈ বন্ধ কলিয়াবৰৰ এখন বিদ্যালয়...
ডিজিটেল ডেস্কঃ অচিন পোকৰ সন্ত্ৰাসত ৩ দিনৰ বাবে বন্ধ কৰিবলৈ বাধ্য হ'ল অসমৰ এখন বিদ্যালয়। কলিয়াবৰৰ এই বিদ্যালয়খনত শেহতীয়াকৈ অচিন পোকে চলোৱা সন্ত্ৰাসত পাঠদান্য ব্যাহত হৈ পৰাই নহয়, বিদ্যালয়ৰ কোনো এটা স্থানতে শিক্ষক, শিক্ষাৰ্থী থাকিব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে। এনে পৰিস্থিতিত ৩ দিনৰ বাবে বন্ধ ঘোষণা কৰিবলগীয়া হৈছে এই বিদ্যালয়খন।
কলিয়াবৰৰ দলগাওঁ মধ্য ইংৰাজী বিদ্যালয়ত সৃষ্টি হৈছে এই পৰিবেশ। বিদ্যালয়খনৰ শ্ৰেণী কোঠাসমূহৰ লগতে শিক্ষকৰ জিৰণি কোঠা, মধ্যাহ্ন ভোজন ৰন্ধা ঘৰ সকলোতে অচিন পোকৰ সন্ত্ৰাস চলিছে।
যোৱা ৪ ৰ পৰা ৫ টা দিনত বিদ্যালয়খনত বৃদ্ধি পাইছে এই পোকৰ উপদ্ৰৱ। ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল সন্ত্ৰস্ত হৈ পৰিছে। শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক, অভিভাৱক সকলো এই অচিন পোকৰ আক্ৰমণৰ বলি হৈছে।
প্ৰসাৱগাৰ, খোৱা পানীৰ উৎস সকলোতে এই অচিন পোকে ঘৰ বান্ধিছে। ফলত এক আতংকময় পৰিবেশৰ সূচনা হৈছে। পোকে কামোৰাৰ ফলত শিক্ষাৰ্থীৰ দেহত খজুৱতিও হৈছে।
এনে পৰিস্থিতিত বিদ্যালয়খনলৈ শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক কোনোৱেই অহাতো সম্ভৱ হৈ থকা নাই। ফলশ্ৰুতিত কলিয়াবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই বিদ্যালয়খন পৰিদৰ্শন কৰি আগন্তুক ৩ দিনৰ বাবে বন্ধ ৰখাৰ ঘোষণা কৰিছে।
সমান্তৰালকৈ বিদ্যালয়খনক এই অচিন পোকৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰিছে। শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ চৌহদত কীটনাশক চটিওৱাৰ ব্যৱস্থা কৰাৰ বাবে অহা ৩ দিনলৈ এই বিদ্যালয়খন বন্ধ থাকিব।
ইফালে বিদ্যালয়খনত ক'ৰ পৰা এই অচিন পোক আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাক লৈ চৰ্চা অব্যাহত আছে। বিদ্যালয়ৰ শিক্ষক, অভিভাৱক তথা স্থানীয় লোকৰ সন্দেহ বিদ্যালয়খনৰ কাষতে বাঁহ গছ ফুলাৰ বাবে তাৰ পৰাই এই অচিন পোকৰ আগমণ ঘটিছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অধ্যয়ন কৰিবলৈ স্থানীয় কৃষি বিবাগৰ বিষয়াও বিদ্যালয়খন পৰিদৰ্শন কৰিছে।
Also Read: অহা ৫ দিনত ভ্ৰমণৰ পৰিকল্পনা আছে নেকি? সাৱধান আহি আছে ধুমুহা...