পথৰ দুৰৱস্থাৰ বাবেই কৃষিকৰ্ম এৰিছে দুখনকৈ গাঁৱৰ ৰাইজে

পথৰ দুৰৱস্থাৰ বাবেই কৃষিকৰ্ম এৰিছে দুখনকৈ গাঁৱৰ ৰাইজে

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজহা আৰু ৰণথলি সংযোগী পথ পকীকৰণৰ দাবী উত্থাপন কৰিছে সংশ্লিষ্ট অঞ্চলসমূহৰ ৰাইজে। বৰজহাৰ নগাঁও-দক্ষিণপাট সংযোগী পথৰ পৰা ৰণথলিৰ দেওধৰ-পাখিমৰীয়া পথ সংযোগী এই কেঁচা পথছোৱা এতিয়া বাৰিষাকালত হৈ পৰিছে যাতায়তৰ অনুপযোগী। স্বাধীনতাৰ ৭৬ বছৰৰো পিছতো পকীকৰণ নোহোৱা এই পথটোৰ তথৈবচ অৱস্থাত এতিয়া ১০খনৰো অধিক গাঁৱৰ ৰাইজৰ বাবে হৈ পৰিছে যন্ত্ৰণাৰ অন্য এক নাম ।

পাখিমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় সংযোগী এনে এটা গুৰুত্বপূৰ্ণ পথ আজিপৰ্যন্ত কিয় পকীকৰণ হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে অঞ্চবাসীৰ মাজত। যমুনা জলাহ, বাউহী বিল, কোমতিখোৱা বিলৰ নৈসৰ্গিক শোভাৰ মাজেৰে যোৱা প্ৰায় ৪কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো পকীকৰণৰ বাবে ৰাইজে বছৰ বছৰ ধৰি চৰকাৰী পক্ষক দাবী জনাই আহিছে যদিও সেয়া সকলো অৰণ্যৰোদনলৈহে পৰ্যবসিত হৈছে । বৰজহা, ঘাঁহী, দক্ষিণপাট, হাতীগড়, ম'হমৰীয়া আদি গাঁৱৰ ৰাইজে যাতায়তৰ লগতে খেতি-পথাৰৰ সুবিধাৰ বাবে এই পথটো অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে যদিও আজি পৰ্যন্ত পথটোৱে উন্নয়নৰ মুখ নেদেখাটো এক ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে ।

সম্প্ৰতি পথটোৰ কদৰ্যময় ৰূপে অসমীয়া কেঁচা সোণৰ গহণাৰ বাবে বিখ্যাত ৰণথলি গাঁৱৰ অৰ্থনীতিতো বিৰূপ প্ৰভাব পেলাইছে । ইয়াৰোপৰি ঘাঁহী, বৰজহা গাঁৱৰ ৰাইজে পথাৰত উৎপাদিত ধান, সৰিয়হ আদি চপাব নোৱাৰা হৈছে এই বিধ্বস্ত পথটোৰ বাবেই। যাৰবাবে এতিয়া বহু কৃষকে কৃষিকৰ্ম ত্যাগ কৰা পৰিলক্ষিত হৈছে । কৃষি পৰ্যটনক লৈ প্ৰচুৰ সম্ভাৱনা থকা এই অঞ্চলৰ পথাৰ এতিয়া এই পথটোৰ অনুন্নত অৱস্থাৰ বাবে হৈ পৰিছে শুষ্কতাৰ প্ৰতীক। এসময়ত এই পথেৰেই অহা-যোৱা কৰি কৃষিকৰ্ম কৰি উৎপাদিত ফচলেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছিল বহুজনে । কিন্তু এতিয়া যেন সেয়া হৈ পৰিছে ৰূপকথাৰ সমল ।

জাক-জাক বন্য আৰু পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী ৰূপে পৰিগণিত হোৱা এই পথৰ দুয়োকাষে থকা বিল-জলাশয়সমূহে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছিল যদিও পথটোৰ অনুন্নত অৱস্থাই যেন সেই কথা তল নিয়াই পেলাইছে । এতিয়া খেতিৰ ভৰপক সময়তো পথটো বোকাময় হৈ থকাৰ বাবে পথাৰলৈ যাব নোৱাৰা হৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকল। যিটো সময়ত পথ-দলং পকীকৰণেৰে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে সেই সময়তো এই পথটো আজিলৈকে তেনে আঁচনিত অন্তভুর্ক্ত নোহোৱাক লৈ বিপাঙত পৰিছে গঞা ৰাইজ ।

উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ পথটো পকীকৰণ হ'লে কৃষি বা যাতায়তৰ ক্ষেত্ৰত লাভান্বিত হ'ব ২০খনৰো অধিক গাঁৱৰ ৰাইজ । কিয়নো পাখিমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয় বা ৰণথলি গাঁৱলৈ যাবলগীয়া হ'লে প্ৰায় ২০কিলোমিটাৰ বাট বৰ্তমান অতিৰিক্তভাৱে অন্য পথেৰে অতিক্ৰম কৰিব লাগে এই অঞ্চলসমূহৰ ৰাইজে । সেয়ে এই পথটোৰ পকীকৰণৰ ক্ষেত্ৰত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক তৎপৰতা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে বৰজহা, দক্ষিণপাট, ঘাঁহী গাঁৱৰ ৰাইজে।

পথৰ দুৰৱস্থাৰ বাবেই কৃষিকৰ্ম এৰিছে দুখনকৈ গাঁৱৰ ৰাইজে
চৰাইদেউ জিলাতো "দেশভক্তি দিৱস" পালন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in