/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/95121aa3-58c2-46f2-b071-3a205780ac0a/Jugen.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শুকুৰবাৰ চৰাইদেউ জিলাতো দেশ ভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি "দেশভক্তি দিৱস" পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বন্তি প্ৰজ্বলনৰ দ্বাৰা তথা দেশ ভক্তগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি অৰ্পণ কৰি অসমৰ এই মহান স্বাধীনতা সংগ্ৰামী তথা দেশপ্ৰেমিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2a8471ed-1de4-4d94-8996-f933c7f068cc/c5f08463_c3db_4563_b338_39fdde9e0e3f.jpg)
অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সোণাৰি আৰু মৰাণ পৌৰসভাৰ পৌৰপতি দ্বয় ক্ৰমে তিলক চন্দ্ৰ নেওগ আৰু অৰূপ দত্ত, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Also Read: ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ