ঘাঁহী বৰনামঘৰৰ আদৰণি তোৰণ উৎসৱ উদযাপন

নগাঁও জিলাৰ বেবেজীয়াৰ ঘাঁহীত সোমবাৰৰ পৰা ঘাঁহী চাৰিআলিস্থিত অস্থায়ী মণ্ডপত বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰণি তোৰণ উৎসৱৰ আৰম্ভণি হৈছে ।

author-image
Asomiya Pratidin
New Update
ঘাঁহী বৰনামঘৰৰ আদৰণি তোৰণ উৎসৱ উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ ঘাঁহীত সোমবাৰৰ পৰা ঘাঁহী চাৰিআলিস্থিত অস্থায়ী মণ্ডপত বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰণি তোৰণ উৎসৱৰ আৰম্ভণি হৈছে । আজি পুৱা ৬ বজাত পাঠক ডিম্বেশ্বৰ দাস আৰু পাঠক চন্দ্ৰ দাসৰ দ্বাৰা নামঘৰৰ আদৰণি তোৰণত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে ।

Advertisment

অনুষ্ঠানৰ মূল আকৰ্ষণ হৈ পৰে ভাগৱত শোভাযাত্ৰা । হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি উলিওৱা শোভাযাত্ৰাত নাৱৰ আৰ্হিত থাপনা স্থাপন কৰি ভাগৱত ভ্ৰমণ কৰা হয়। তাৰ পৰৱৰ্তী সময়ত ভাগৱত প্ৰতিষ্ঠা কাৰ্যৰ পিছতে নাম-প্ৰসংগ, প্ৰসাদ বিতৰণ কৰা হয় ।

Also Read: ঘোষণা হ'ল সাহিত্য অকাডেমি অনুবাদ বঁটা-২০২৩

nagaon bebejiya