ঘোষণা হ'ল সাহিত্য অকাডেমি অনুবাদ বঁটা-২০২৩

ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা। ২৪ টা ভাষা সামৰি ঘোষণা কৰা হৈছে এই বৰ্ষৰ সাহিত্য অকাডেমি বঁটা।

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল সাহিত্য অকাডেমি অনুবাদ বঁটা-২০২৩

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা। 'মোৰ জীৱনটো' গ্ৰন্থখনৰ বাবে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰে লক্ষ্যজ্যোতি গগৈয়ে। তেওঁ 'ওৱানছ আপ'ন এ লাইফ' গ্ৰন্থখন ইংৰাজী পৰা অসমীয়ালৈ অনুবাদ কৰি লাভ কৰে এই বঁটা। মাৰাঠী ভাষাৰ পৰা বঙালী ভাষালৈ অনুবাদ কৰি মৃণ্ময় প্ৰমানিকে লাভ কৰে এই বঁটা।

Advertisment

ইয়াৰোপৰি বড়ো ভাষাৰ বাবে এই বঁটা লাভ কৰে অম্বিকাগিৰি হাজোৱাৰীয়ে। পূৰবী বৰমুদৈৰ 'শান্তনুকুলনন্দন' অনুবাদ কৰিছিল হাজোৱাৰীয়ে । নেপালী ভাষাত 'কায়াকল্প'ৰ বাবে সত্ৰমান চুব্বালৈ এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য় যে ২৪ টা ভাষা সামৰি ঘোষণা কৰা হৈছে এই বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। 

Also Read: গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনাঃ দেশজুৰি কাৰ্যকৰী CAA...

sahitya akademi