মাজ জামুগুৰিত মেষ পূজাৰে দৌল-মহোৎসৱৰ আৰম্ভ

মাজ জামুগুৰিত মেষ পূজাৰে দৌল-মহোৎসৱৰ আৰম্ভ

ডিজিটেল সংবাদ, বেবেজীয়াঃ পবিত্ৰ আবিৰৰ ৰঙীণ পৰশ আৰু পৰম্পৰাৰ ধাৰাবাহিকতা, আধ্যাত্মিক, ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নগাঁও জিলাৰ মাজ জামুগুৰি ফালেঙিচুক নামঘৰত মেষ পূজাৰে আৰম্ভ হয় দৌল-মহোৎসৱৰ । দেওবাৰে সন্ধিয়া আৰতিৰ পিছতে নামঘৰৰ বাহিৰত নিৰ্মাণ কৰা অস্থায়ী মেষ পূজা গৃহত পূজাৰীসকলে পূজা আৰম্ভ কৰে।

সমাজৰ অসূয়া অপ্ৰীতিৰ দূৰ কৰাৰ বাবে মেষ দাহৰ প্ৰতীকী ৰূপত মেষৰ নোম দাহ কৰে। অন্যহাতে সোমবাৰে পুৱা পৰিৱেশ নিকাকৰণৰ অন্ততঃ আয়তীসকলে জলাৰোহন কৰি অনা জলৰ দ্বাৰা নামঘৰৰ গোঁসাই স্নান কৰোৱা হয়। দুপৰীয়া ভাগত নাম-প্ৰসংগ, বিয়লি আইসকলৰ দ্বাৰা দিহানামৰ পৰিৱেশনৰ পিছত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম অনুষ্ঠিত হয় ।

ইতিমধ্যে দৌল মহোৎসৱক লৈ মাজ জামুগুৰি ফালেঙিচুকত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। অন্যহাতে মঙ্গলবাৰে পুৱা পৰিৱেশ নিকাকৰণৰ পিছত গাঁৱৰ সমূহ ৰাইজৰ সহযোগত হোলী খেলা হ'ব । তাৰ পৰৱৰ্তী দুপৰীয়া নাম-প্ৰসংগ আৰু বিয়লি দুই বজাৰ পৰা গোঁসাই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব।

মাজ জামুগুৰিত মেষ পূজাৰে দৌল-মহোৎসৱৰ আৰম্ভ
ৰঙৰ উৎসৱৰ দিনাই কালিকা লাগিলে চাৰিকড়িয়াতঃ পুনৰ মৃত্যু এজন কিশোৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in