ৰঙৰ উৎসৱৰ দিনাই কালিকা লাগিলে চাৰিকড়িয়াতঃ পুনৰ মৃত্যু এজন কিশোৰৰ

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ কৰা  চাৰিকড়িয়া নদীৰ গাত যেন কালিকা লাগিছে । নদীখনৰ বুকুত পৰি সোমবাৰে দুজনকৈ ব্যক্তিৰ অকাল বিয়োগ ঘটা ঘটনাই অঞ্চলটোত আশঙ্কাৰ সৃষ্টি কৰিছে। ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি অঞ্চলৰ সৰু পতিয়া গাঁওৰ যোগেশ চুতীয়া নামৰ এজন ব্যক্তিৰ সোমবাৰে আগবেলা নদীখনৰ বুকুত মাছ মাৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱাৰ পাছত পূৱ ঢকুৱাখনা অঞ্চলটো নদীখনত গা ধুবলৈ গৈ এটি কিশোৰৰ সলিল সমাধি ঘটিছে।

জানিব পৰা মতে পূৱ ঢকুৱাখনাৰ অভয়পুৰ নাহৰণি গাঁওত থকা নিজৰ ভিনীয়েক  মিতোৰাম কুলিৰ ঘৰলৈ দেওবাৰে আহিছিল ধেমাজি জিলাৰ মাছখোৱাৰ চিচিমুখ উত্তৰ ডুমকটা গাঁওৰ এজন কিশোৰ। চিচিমুখ গাঁওৰ হৰেন চুংক্ৰাংৰ ১৭বছৰীয়া পুত্ৰ ডনিৰাম চুংক্ৰাং পূব ঢকুৱাখনাৰ অভয়পুৰ নাহৰণি গাঁওৰ ভিনীয়েক মিতোৰাজ কুলিৰ ঘৰৰ পৰা সোমবাৰে আগবেলা লগৰ ৩জন সমনীয়াৰ আহ্বান ক্ৰমে গাঁওখনৰ ওচৰতে থকা চাৰিকড়িয়া নদীত সাঁতুৰী গা ধুবলৈ গৈছিল। গা ধুই থাকোতেই নদীৰ বুকুত  ডুব যায় কিশোৰজন। লগৰীয়া দুজনে কিশোৰজনক বচাবলৈ আপ্ৰাণ চেষ্টা কৰি বিফল হয় ।

পাছত এই সন্দৰ্ভত ৰাইজক অৱগত কৰাত ৰাইজ আহি উদ্ধাৰৰ চেষ্টা কৰে যদিও কিশোৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ঘটনা সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক অৱগত কৰে ৰাইজে। সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা দুজনকৈ ব্যক্তি নদীখনত পৰি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱা মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মহকুমাটোত ।

dangor khabar
ফাকুৱাৰ আনন্দৰ মাজতে নগাঁৱৰ উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in