বিশিষ্ট সংগঠক প্ৰদীপ কুমাৰ মহন্তৰ সোঁৱৰণী গ্ৰন্থ 'সোঁৱৰণীৰ পমখেদি' উন্মোচন...

বিশিষ্ট সংগঠক প্ৰদীপ কুমাৰ মহন্তৰ সোঁৱৰণী গ্ৰন্থ 'সোঁৱৰণীৰ পমখেদি' উন্মোচন...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ কুজীডাঁহ উলুবাৰী অঞ্চলৰ বিশিষ্ট সংগঠক তথা নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু পেঞ্চনাৰ সন্থাৰ জ্যেষ্ঠ সদস্য প্ৰয়াত প্ৰদীপ কুমাৰ মহন্তৰ স্মৃতিত প্ৰকাশ কৰা গ্ৰন্থ 'সোঁৱৰণীৰ পমখেদি' শুকুৰবাৰে উন্মোচন হয়। তদুপলক্ষে তেখেতৰ বাসগৃহত অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে। কাকতিয়ে কুজীডাঁহ অঞ্চলৰ সৈতে থকা তেখেতৰ আত্মিক সম্পৰ্কৰ কথা স্মৰণ কৰে।

তেওঁ কয় যে, মৃত্যুৰ পিচত কোনো ব্যক্তিৰ গুণ খিনি ৰোমন্থন কৰাৰ অৰ্থ হ'ল সেই ব্যক্তিজনৰ আদৰ্শ উত্তৰসুৰীৰ মাজত প্ৰচাৰ কৰা। ইয়াৰ দ্বাৰা ব্যক্তিজনৰ জীৱনৰ পৰা গ্ৰহণীয়খিনিলৈ নৱ প্ৰজন্মই বাট বুলিব পাৰে। উন্মোচনী সভাখনৰ শুভ উদ্বোধন হয় শংকৰী সংস্কৃতিৰ সাধক নৰেশ্বৰ মহন্তই পৰিৱেশন কৰা বৰগীতৰে। তেওঁৰ লগত বাদ্য সংগত কৰে গোলাপ মহন্ত আৰু লক্ষ্যজ্যোতি মহন্তই। অনুষ্ঠানৰ পূৰ্বে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই প্ৰয়াত প্ৰদীপ কুমাৰ মহন্তৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পন কৰে।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস, চৰকাৰী পেঞ্চনাৰ সন্থাৰ নগাঁও জিলা সভাপতি-আবুল হুচেইন, পেঞ্চনাৰ সন্থাৰ সদস্য মহেন্দ্ৰ মহন্ত, কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৃদুপৱন বৰা, মৰিগাওঁ বিধান সভা সমষ্টিৰ প্রাক্তন বিধায়ক মুনীন মহন্ত, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ডিম্বেন্দ্ৰ কুমাৰ মহন্ত, কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক নাৰায়ণ মহন্ত, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বন্তি বৰা গোস্বামী আদিয়ে ভাষণ প্ৰদান কৰে।

সাংবাদিক চন্দনজ্যোতি বৰাই ভাষন প্ৰদান কৰি প্ৰয়াত প্ৰদীপ কুমাৰ মহন্তৰ স্পষ্টবাদীতা, নিৰ্ভীকতা আৰু তথা কথিত জ্যাতাভিমান আৰু ধৰ্মীয় গোড়ামীৰ বিপৰীতে থকা উদাৰ মনোভাৱক স্মৰণ কৰে। স্মৃতি গ্ৰন্থ 'সোঁৱৰণীৰ পমখেদি' উন্মোচন কৰে পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি শিৱৰাম বৰদলৈয়ে। অনুষ্ঠানত সাংবাদিক মুস্তাফা চেলিম আহমেদ, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰফুল্ল হাজৰিকা আদি উপস্থিত থাকে।

বিশিষ্ট সংগঠক প্ৰদীপ কুমাৰ মহন্তৰ সোঁৱৰণী গ্ৰন্থ 'সোঁৱৰণীৰ পমখেদি' উন্মোচন...
প্ৰসংগ বিশ্ব ৰেকৰ্ড : এশ কোটিৰে এঘাৰ হাজাৰ তাঁতশালত এক লাখ গামোচা বোৱাৰ আহ্বান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in