প্ৰসংগ বিশ্ব ৰেকৰ্ড : এশ কোটিৰে এঘাৰ হাজাৰ তাঁতশালত এক লাখ গামোচা বোৱাৰ আহ্বান...

ঐতিহাসিক মায়ঙৰ বিহু বাকৰিৰ পৰা অসম চৰকাৰলৈ সংস্কৃতিৰ গৱেষক ড০ উৎপল নাথৰ আহ্বান...
প্ৰসংগ বিশ্ব ৰেকৰ্ড : এশ কোটিৰে এঘাৰ হাজাৰ তাঁতশালত এক লাখ গামোচা বোৱাৰ আহ্বান...

ডিজিটেল সংবাদ, মায়ং : ১৬৬৮ খৃষ্টাব্দৰ পৰা একক আৰু অনন্য ৰূপত ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজাৰ পৃষ্ঠপোষকতাত উলহ-মালহেৰে উদযাপন কৰি অহা মায়ঙৰ ঐতিহাসিক গোঁসাই উলিওৱা মেলা আৰু গড় ভঙ্গা উৎসৱৰ সামৰণি দিনটোৰ সৈতে সঙ্গতি ৰাখি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰজামায়ং ৰজাচকীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ ব'হাগৰ দিনা আয়োজন কৰা হয় ৰঙালী বিহু উৎসৱৰ । পুৱা ৯.০০ বজাত উদযাপন সমিতিৰ সভাপতি মহেশ ডেকাই বিহু পতাকা উত্তোলন আৰু গাঁৱৰ বয়োজেষ্ঠ ব্যক্তি সকলে বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত পুৱা ১০.০০ বজাত গছপুলি ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।

গছপুলি ৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মায়ং ৰাজ্যৰ পৰম্পৰাগত ৰজা তৰণী কান্ত সিংহ, পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসকে ধৰি গাৱঁৰ বিশিষ্ট ব্যক্তিসকলে। আবেলি ২.০০ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু মুকলি বিহু প্ৰদৰ্শনৰ কাৰ্যসূচী। বিশিষ্ট নিৱন্ধকাৰ, বিহু বিশেষজ্ঞ লোকেন্দ্ৰ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে সংস্কৃতিৰ গৱেষক তথা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ উৎপল নাথে। ভাষণ প্ৰসঙ্গত ড০ নাথে এইবাৰ ১১ হাজাৰ বিহুৱতীক নচোৱাই অসমৰ ঐতিহাসিক বিহু নাচক গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা অসম চৰকাৰৰ উদ্যোগক ভূয়সী প্ৰসংশা কৰে।

ইয়ে অসমীয়া জাতি আৰু সংস্কৃতিৰ অতুল্য শক্তি, ঐতিহ্য আৰু সৌন্দৰ্যক বিশ্ব সংস্কৃতিৰ বৰপথাৰত এক মৰ্যদা সম্পন্ন স্থানত অধিস্থিত কৰাৰ লগতে অনাগত দিনবোৰত অসমীয়া জাতিৰ পৰিচয় জ্ঞাপক বিহুৰ প্ৰচাৰ, প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিত অৰিহণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কিন্তু মাত্ৰ নাচ-গানেই যিহেতু এটা জাতিক কেতিয়াও জীয়াই ৰাখিব নোৱাৰে সেয়েহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থত অহা বাৰলৈ পুনৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে ১১ হাজাৰ তাঁতশালত ১১ হাজাৰ অসমীয়া শিপিনীৰ সহায়ত ৭ দিনৰ ভিতৰতে এক লাখ গামোচা উৎপাদনৰে পুনৰ এক বিশ্ব অভিলেখ গঢ়াৰ উদ্যোগ ল'বলৈ ড০ নাথে অসম চৰকাৰলৈ আহ্বান জনায়।

ইয়াৰ ফলত চৰকাৰৰ তৰফৰ পৰা কিছু পৰিমাণে আৰ্থিক সকাহ লাভ কৰি আৰু শিল্পী হিচাপে এটা চৰকাৰী স্বীকৃতি পাই অসমীয়া শিপিনী সকলো বাৰুকৈয়ে উৎসাহিত হ'ব আৰু লগতে বিহুৰ সময়ত প্ৰয়োজনত হোৱা থলুৱা গামোচাৰ অভাৱো বহুলাংশে দূৰ হ'ব বুলি তেওঁ ভাষণ প্ৰসঙ্গত উপস্থাপন কৰে। তাঁতৰ পাতত সৰগ ৰচা অসমীয়া শিপিনী সকলো যিহেতু নিপুণ বয়ন শিল্পী আৰু এই শিল্প প্ৰতিভাৰ যোগেদিয়েই যিহেতু অসমৰ হেমপ্ৰভা চুতীয়া আইদেৱে পদ্মশ্ৰী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে সেয়ে অসমৰ ঘৰুৱা অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পেলাব পৰা অসমৰ বয়ন শিল্পী সকলকো চৰকাৰে যথোচিত গুৰুত্ব দিয়াটো উচিত বুলি তেওঁ দোহাৰে।

লগতে তেওঁ কয় যে, চৰকাৰে ১০০ কোটি টকাৰ ব্যয় সাপেক্ষে ১১ হাজাৰ ঢেঁকী শালত অসমীয়া জাতিৰ পৰিচয় জ্ঞাপক জলপান, যেনে- সান্দহ গুৰি বা কড়াই গুৰি আদি প্ৰস্তুত কৰি ইয়াৰ উপযুক্ত পেকেজিং, মাৰ্কেটিঙৰ ব্যৱস্থা কৰিও অনাগত দিনবোৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ ব্যৱস্থা কৰিব পাৰে। ইয়ে নিশ্চয়কৈ থলুৱা সংস্কৃতি সুৰক্ষাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ়াত যথেষ্ট সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। নিশাৰ ভাগৰ কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধক হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত দেৱাশীষ শৰ্মা।

উদ্বোধনী ভাষণত উপায়ুক্ত শৰ্মাই- সংস্কৃতি যে সমন্বয়ৰ এক অতি শক্তিশালী মাধ্যম আৰু বিহুয়ে যে বৃহত্তৰ অসমীয়া জাতিটোক ভাতৃত্বৰ বান্ধোনেৰে কট-কটীয়াকৈ বান্ধি ৰাখিছে সেই সম্পৰ্কে এক মনোৰম বক্তব্য আগবঢ়ায়। এগৰাকী শিল্পী হিচাপেও সুপৰিচিত থকা সাংস্কৃতিক মনৰ অধিকাৰী উপায়ুক্ত শৰ্মাই মঞ্চ উদ্বোধনী ভাষণৰ পাছতেই দুটাকৈ গীত পৰিৱেশন কৰি উপস্থিত শ্ৰুতা-দৰ্শক সকলক মোহিত কৰে। আমন্ত্ৰিত বিহুৱা দলৰ বিহু প্ৰদৰ্শন আৰু আমন্ত্ৰিত সঙ্গীত শিল্পীৰ সঙ্গীতানুষ্ঠান প্ৰদৰ্শনেৰে নিশা প্ৰায় ২ বজাত কাৰ্যসূচীৰ সফল সামৰণি পৰে।

প্ৰসংগ বিশ্ব ৰেকৰ্ড : এশ কোটিৰে এঘাৰ হাজাৰ তাঁতশালত এক লাখ গামোচা বোৱাৰ আহ্বান...
উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in