/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/fb1a9845-538e-47d2-aa51-fbbbdc824c26/Bebejiya.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : বিশ্বৰ শান্তি তথা মঙ্গল কামনাৰে শুকুৰবাৰৰে পৰা নগাঁও জিলাৰ বেবেজীয়াৰ চাৰিআলি সাৰ্বজনীন আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৬তম বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। পুৱা ৯ বজাত ধৰ্মধ্বজ্বা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজকৰ্মী অনন্ত হাজৰিকাই।
পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে শঙ্কৰী কলা কৃষ্টিৰ সাধক পোনাৰাম বৰাই। ১০ বজাত ভগৱান আদৰণি ও স্থাপন আৰু ভাগৱতৰ মূল বন্তি প্ৰজ্বলন কৰে গোপাল বৰাই। ইয়াৰ পিছতে বেবেজীয়া গাঁৱৰ ৰাইজ আৰু গায়ন-বায়ন সকলে খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভাগৱতৰ শুভাৰম্ভ কৰে কামপুৰৰ নিবাসী তথা আচাৰ্য্য পৱন বৰাই।
ভাগৱত পাঠৰ বাখ্যাকাৰক হিচাপে উপস্থিত থাকে গোপন নাথ। নিশা আৰু শণিবাৰে অবিৰত ভাগৱত পাঠ চলি থকাৰ লগতে দেওবাৰে অনুষ্ঠানৰ সামৰণি পৰিব। উল্লেখ্য যে, অনুষ্ঠানত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বাণী শৰ্মা, পোনা ৰাম বৰা , যোগেন বৰা , পূৰ্ণানন্দ বৰা , তুলন শইকীয়া, ৰাজু দাস, নাৰায়ণ হাজৰিকা, ধৰণী বৰা, ভৱানী বৰঠাকুৰ , হৰেন বৰাকে ধৰি তিনি শতাধিক ৰাইজ উপস্থিত থাকে ।
Also Read: জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজিছে এটি কণমানি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us