/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b1e7c05a-ef4d-441a-a4bc-334cca2dafba/227.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : 'শৰত কালৰ ৰাত্ৰি অতি বিতোপন/ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন //' নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ বেবেজীয়াৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানটি দেওবাৰৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে । উদুলি-মুদুলি পৰিবেশত আজি পুৱা ৫ বজাত বেবেজীয়াৰ গায়ন-বায়ন সকলৰ দ্বাৰা ঊষা-কীৰ্ত্তন পৰিবেশন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8dd27e75-4d87-4e8e-b599-6dd4845efdf9/a3028c6c_fd95_459e_833a_b425ebf2d4d1.jpg)
৮ -০০বজাত ৰাস মহোৎসৱৰ সোণালী জয়ন্তীৰ মূল ধৰ্ম ধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা শংকৰী কলা কৃষ্টিৰ সাধক অনন্ত হাজৰিকাই । লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৰাস-উৎসৱৰ বৃন্দাবন ক্ষেত্ৰত ৪৯ খন পতাকা উত্তোলন কৰা হয়। তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জিতেন চন্দ্ৰ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/eab04b83-77dc-4321-815b-b5da93e7a78c/bc1744d6_b784_4b79_9069_ee5ec6d057e4.jpg)
অঞ্চলটোৰ প্ৰয়াত বিশিষ্ট ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি-তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাই । তাৰ পিছতে কৃতী শিক্ষয়িত্ৰী পূৰ্ণিমা বৰাৰ সোঁৱৰণী মূল মণ্ডপৰ প্ৰাংগণত মৃন্ময় মূৰ্ত্তিৰ উন্মোচন কৰে বেবেজীয়া গাঁও প্ৰধান বিতুল কাকতিয়ে ।
ইয়াৰ পিছত নাট পৰিভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। উক্ত শোভাযাত্ৰাটিত গায়ন-বায়ন,আয়তী,অংকীয়া নাটৰ আৰ্হি প্ৰদৰ্শন,কালীয়-দমনৰ দৃশ্যাংশ, কেলি-গোপাল নাটৰ দৃশ্যাংশ, জঁটায়ু-ম'ৰা আদিৰ শিল্প-কৰ্মৰ দ্বাৰা শোভিত নান্দনিক শোভাযাত্ৰাটিয়ে সমগ্ৰ বেবেজীয়া,শেনছোৱা,বিৰহ বেবেজীয়া,ঘাঁহী, মাহৰিআটি, বৰহোলা , ডিমৌ আদিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৫ কিলোমিটাৰ অধিক পথ আকাশ বতাহ কৃষ্ণ নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে ।
দুপৰীয়া শৰাই অৰ্চন-বন্দন, পাঠ-প্ৰসংগ আৰু বেবেজীয়া ৰ গায়ন বায়ন সকলৰ দ্বাৰা খোল- প্ৰসংগ অনুষ্ঠিত হয় । তাৰ পিছতে নাম-প্ৰসংগ কৰে নামাচাৰ্য পোনাৰাম বৰাই । ২-০০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ সম্পূৰ্ণ হয় ।
সন্ধিয়া বৃন্দাবন ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে নমঘৰীয়া তথা বায়ন দিলীপ হাজৰিকাই । সন্ধিয়া ৬ বজাত পুনৰ শৰাই অৰ্চন-বন্দন আৰু প্ৰংসগ হয় । সন্ধিয়া ৭ বজাত গায়ন-বায়ন সকলৰ যোৰা পৰিবেশন হয় । নিশা ৯ বজাত বেবেজীয়া গাঁৱৰ জীয়ৰী-বোৱাৰী সকলৰ দ্বাৰা 'কেলি-গোপাল' নাটৰ মঞ্চ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । সুৰুয সম্ৰাট মুক্তিয়াৰ পৰিচালনাত অনুষ্ঠিত কেলি গোপাল নাটত শ্ৰীকৃষ্ণ, শংখচূড়, গোপ-পোপী সকলে দৰ্শক ৰাইজক তেওঁলোকৰ সাৱলীল অভিনয়ৰে ওৰে নিশা মোহাচ্ছন্ন কৰি ৰাখে ।
উল্লেখ্য যে কাইলৈ পুৱা ঊষা-কীৰ্তন, শৰাই অৰ্চন-বন্দন, দুপৰীয়া পাঠ-প্ৰসংগ,খোল-প্ৰসংগ, সমূহীয়া নাম-প্ৰসংগ অনুষ্ঠিত হ'ব । সন্ধ্যা বন্তি প্ৰজ্বলনৰ পিছত বেবেজীয়া গায়ন-বায়ন সকলৰ দ্বাৰা যোৰা পৰিবেশনৰ পিছত নিশা মহাপুৰুষ গুৰুজনাৰ বিৰচিত অংকীয়া নাট 'ৰুক্মিণী হৰণৰ' মঞ্চ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।অন্যহাতে বেবেজীয়া সমীপৰ কুৰুৱাবাহি সত্ৰ আৰু খাতৰগুৰিটো আজিৰ পৰা ৰাস মহোৎসৱ উখল মাখল পৰিবেশত অনুষ্ঠিত হৈছে ।
ডিজিটেল সংবাদ,বটদ্ৰৱা : পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আৰম্ভণি। নগাঁও জিলাৰ পশ্চিমাঞ্চলত কুৰুৱাবাহী সত্ৰত পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a69b175d-359d-4477-913b-dc1d7bd30fc9/abdd5704_b134_454d_9a00_eababc9344d4.jpg)
শতবৰ্ষৰ প্ৰাচীন পৰম্পৰাক সৰোগত কৰি কুৰুৱাবাহী সত্ৰত আজি কেলিগোপাল নাটকৰ লগতে মৃন্ময় পুতলাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। যাৰ পৰিপেক্ষিতত ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰত ভকত বৈষ্ণৱ, আইমাতৃসকলৰ উপস্থিতিত পুৱাৰে পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।
কাৰ্যসূচী অনুসৰি কুৰুৱাবাহী সত্ৰৰ ৰাস মহোৎসৱত আজি পুৱা ৬-০০ বজাত ঊৰ্ষা-কীৰ্ত্তন, ৯-০০ বজাত পতাকা উত্তোলন কৰে ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি কমল ফুকনে। ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰে হিৰেন বৰুৱাই। ইয়াৰ পিছত ১১-০০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে ৰোহিত শইকীয়াই আৰু ১২ বজাত নাম প্ৰসঙ্গ অনুষ্ঠিত হয়।
সন্ধিয়া মৃন্ময় পুতলাৰ প্ৰদৰ্শনী মুকলি কৰে ডা০ সূৰ্য মোহন শইকীয়াই। নিশা ৮-০০ বজাত নিপন শৰ্মাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ লাৰু গোপাল গোস্বামীৰ লগতে কেলিগোপা নাটৰ পৰিচালক বিশ্ব জ্যোতি হাজৰিকা, নৱনীল বায়ন, দিব্যজ্যোতি বৰুৱা, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰলী, জ্যেষ্ঠ নাগৰিক বংশী সূত্ৰ, মনেশ্বৰ বৰা, নবীন বৰা, ধনীৰাম কাকতিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত সম্পাদক মৃদু পৱন বৰা উত্তম শইকীয়া, দীপাংকৰ কাকতি, হিৰক গোস্বামী, যজ্ঞ মোহন শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
নিশা ৯-০০ বজাৰ পৰা অঞ্চলৰ যুৱতী আৰু মহিলা সকলৰ দ্ধাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া পৰিবেশন কৰা হয়। আনহাতে ২৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা অঞ্চলৰ ভকত বৈষ্ণৱৰ দ্বাৰা নামপ্ৰসঙ্গৰ পাছত নিশা ৯ বজাত অঞ্চলৰ যুৱক বৃন্দৰ দ্বাৰা অঙ্কীয়া নাট কেলিগোপাল মঞ্চস্থ কৰা হ'ব। পূৱ হাতীচোং আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ওপৰোক্ত সকলো কাৰ্যসূচীতে সহায়-সহযোগিতা বিচাৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/260232fc-c307-4a75-8b49-4b77626a37dc/ea45e9d6_9b05_4033_adb5_f97f86c3d272.jpg)
ইফালে বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ভোমোৰাগুৰি ৰাস মন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে। আজি পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ পাছত নিশা ১০-০০ বজাৰ পৰা গাঁৱৰ যুৱতী বোৱাৰীসকলৰ অভিনয়ৰে ৰাস লীলা মঞ্চস্থ কৰা হয়।
Also Read: কুঁৱৰীটোল উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি