নিজৰ ভূমি-গৃহ দান কৰি বৃদ্ধাশ্ৰম গঢ়িলে ৬০ ৰ উৰ্ধ্বৰ মহিলাই...

নিজৰ ভূমি-গৃহ দান কৰি বৃদ্ধাশ্ৰম গঢ়িলে ৬০ ৰ উৰ্ধ্বৰ মহিলাই...
নিজৰ ভূমি-গৃহ দান কৰি বৃদ্ধাশ্ৰম গঢ়িলে ৬০ ৰ উৰ্ধ্বৰ মহিলাই...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ হাতীচোং মৌজাৰ গোসাঁইবড়ি গাঁৱৰ এগৰাকী মহিলা। নাম দীপালী দেউৰী। প্ৰচাৰ বিমূখ এগৰাকী চিন্তাশীল কবি, লেখক দিপালী দেউৰীয়ে জীৱনৰ নিৰ্মম সত্যক একান্তভাৱে মানি লৈ সদায় সমাজ আৰু সামাজিক চেতনাক মূল আধাৰ হিচাবে লৈ জীৱনৰ বিয়লি বেলাক নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিছে।

ষাঠিৰ উৰ্ধ্বৰ এইগৰাকী মহিলাই ইতিমধ্যেই হেৰুৱাইছে নিজৰ স্বামী, পুত্র আৰু আপোনজনক। হতাশাই আবৰিধৰা জীৱনটোক নতুনকৈ চোৱাৰ হেঁপাহেৰে তেখেতে নিজৰ ঘৰতে এখনি বৃদ্ধাশ্ৰম গঢ়ি তোলাৰ সপোন দেখিছিল।

পৰবৰ্তী কালত নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান অপৰূপা বহুমূখী জনকল্যাণ সমবায় সমিতি লিমিটেডৰ কৰ্মকৰ্তাসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাত, আজি অপৰূপা বহুমূখী জনকল্যাণ সমবায় সমিতি লিমিটেডৰ সহযোগত গোঁসাইবড়িস্থিত গৃহত বৃদ্ধাশ্ৰম হিচাপে গৃহটি স্বেচ্চাসেৱী অনুষ্ঠানটিক হস্থান্তৰ কৰে।

নিজেই বৃদ্ধাশ্ৰমখনিৰ প্ৰথমগৰাকী সদস্য হিচাপে অন্তৰ্ভুক্ত হয় দীপালী দেউৰী। ভূমি গৃহ দান অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভানেত্রী জুনু দেৱী, সম্পাদিকা জ্যোতিৰেখা বৰাৰ লগতে অঞ্চলৰ গণ্য-মান্য লোকসকলে দীপালী দেউৰীয়ে দেখুওৱা মানৱীয় প্ৰমূল্যবোধৰ অমূল্য নিদৰ্শনৰ বাবে প্ৰসংশা কৰে।

নিজৰ ভূমি-গৃহ দান কৰি বৃদ্ধাশ্ৰম গঢ়িলে ৬০ ৰ উৰ্ধ্বৰ মহিলাই...
লামডিঙৰ ছাউথ হিল্ল কলনীত ভয়াৱহ অগ্নিকাণ্ডঃ ৩ টাকৈ বাসগৃহ সম্পূৰ্ণ ভস্মিভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in