বহিঃৰাজ্যত প্ৰাণ গ’ল বটদ্ৰৱাৰ যুৱকৰ

বহিঃৰাজ্যত প্ৰাণ গ’ল বটদ্ৰৱাৰ যুৱকৰ

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত প্ৰাণ গ’ল বটদ্ৰৱাৰ যুৱকৰ

ডিজিটেল সংবাদ,বটদ্ৰৱা : বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে বটদ্ৰৱাৰ ৰশিদুল হক নামৰ এজন যুৱকে। যুৱকজনৰ ঘৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁৱত বুলি জানিব পৰা গৈছে।

Advertisment

পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুই বন্ধুৰ সৈতে ৮ মাহৰ আগেয়ে ৰামপুৰ সত্ৰ গাঁৱৰ পৰা কেৰালাৰ তিৰুবনন্তপুৰম লৈ কামৰৰ বাবে গৈছিল ৰশিদুল। পেটৰ তাড়নাত দুখীয়া পৰিয়ালটোক দুবেলা দুমুঠি খুওৱাৰ উদ্দেশ্যে ৰছিদুল হক কাম বিচাৰি গৈছিল বহিঃ ৰাজ্যলৈ।

কিন্তু ৰহস্যজনক অৱস্থাত তিৰুবনন্তপুৰমত মঙলবাৰে শোৱাপাটীত উদ্ধাৰ হৈছে ৰছিদুল হকৰ মৃতদেহ। পুৱা ৰশিদুল হকৰ বন্ধু জমিৰ আলীয়ে এনে অৱস্থা প্ৰত্যক্ষ কৰি ফোনযোগে ঘৰৰ মানুহক অৱগত কৰে। যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Also Read: গহপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

badraba