সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ ৰাজপথত কাজিয়া

সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ ৰাজপথত কাজিয়া

ডিজিটেল সংবাদ,নগাঁও : সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মাজত ৰাজপথত কাজিয়া ৷ বটদ্ৰবা থানৰ সোন আৰু ৰূপ ক’ত তাক লৈ শেহতীয়াকৈ আৰম্ভ হয় সৃষ্টি হৈছিল বিতৰ্ক ৷

কোনোৰ মতে থানৰ সোন ৰূপ বিষয়ববীয়াই বেংকত বন্ধকত থৈ লোন লৈছে ৷ এই ঘটনাৰ পিছত শুকুৰবাৰে বিয়লি বটদ্ৰবা থান পৰিচালনা সমিতিয়ে আয়োজন কৰে এক সংবাদমেল ৷

সংবাদমেলৰ পিছতে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা আৰু কাৰ্যনিবাহক সদস্য প্ৰশান্ত ভড়ালীৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ অভিযোগ মতে প্ৰশান্ত ভড়ালীয়ে প্ৰভাত কলিতাক শাৰিৰীকভাৱে আক্ৰমন কৰিবলৈ চেষ্টা কৰে। এই লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ প্ৰশান্ত ভড়ালীৰ অভিযোগ যে, কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই থানৰ সোন আৰু ৰূপ থান পৰিচালনা সমিতিৰ সম্পাদকে আত্মসাৎ কৰা বুলি অপপ্ৰচাৰ চলাইছিল ৷

নগাঁও সাহিত্য সভা ভৱনত বটদ্ৰবা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে, থানৰ সোন আৰু ৰূপ এইছ ডি এফ চি বেংক নগাঁও শাখাত জমা আছে ৷ সম্পাদকে সদৰি কৰামতে ১০০ গ্ৰামৰ সোনৰ বিস্কুট ৩টা, ৫০ গ্ৰামৰ সোনৰ বিস্কুট ২টা, গলোৱা সোনৰ বাৰ ১১টা, নামঘৰৰ ফুল গলোৱা ৰূপৰ বাৰ ৭ টা বেংকৰ লকাৰত জমা আছে ৷

লগতে আজি লকাৰটো থান পৰিচালনা সমিতিৰ সভাপতিৰ লগতে কাৰ্যকৰী সভাপতিসহ সম্পাদক কোষাধ্যক্ষৰ লগতে অনান্য বিষয়ববীয়াই নিৰীক্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷ বটদ্ৰবা থানৰ পুনৰ নিৰ্মানৰ মাজতে সুৰক্ষাৰ বাবে সম্পদ সমূহ লকাৰত থোৱাৰ সময়তে সোন আৰু ৰূপ হৰলুকি হোৱা বুলি চলা বতৰাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷

সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ ৰাজপথত কাজিয়া
বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংক চৌহদত কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in