জামুগুৰিহাটৰ টুপিয়াত ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

জামুগুৰিহাটৰ টুপিয়াত ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন চেমিফাইনেল সোমবাৰে অনুষ্ঠিত হয়। প্ৰথমখন চেমিফাইনেল খেলত মৰিগাঁও জিলাৰ বিদেশী খেলুৱৈ সমৃদ্ধ জালুগুটি ফুটৱল ক্লাবে ৫-৪ গলৰ ব্যৱধানত জয় লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে ৷

তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত বিদেশী দুগৰাকী খেলুৱৈৰ বিশেষ উন্নত খেলৰে পাৰদৰ্শিতা প্ৰদৰ্শন কৰাত দৰ্শক ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰে ৷ উল্লেখ্য যে, বিশ্বনাথ জিলাৰ মোনাবাৰী চাহবাগিচা ফুটবল ক্লাবেও বিপক্ষ দলৰ লগত সমানে যুঁজাত নিৰ্ধাৰিত সময় পৰ্যন্ত দুয়োত দল ১+১ গলৰ ব্যৱধানতে আগবাঢ়ি থাকে। পৰৱৰ্তী পৰ্যায়ত ট্ৰাইবেকাৰ পদ্ধতিৰ খেলত জালুগুটি ফুটবল ক্লাবে মোনাবাৰী চাহবাগিচা ফুটবল ক্লাবক ৫-৪ গলৰ ব্যৱধানত পৰাজিত কৰে ৷

আনহাতে সংস্থাৰ মিনি ষ্টেডিয়ামত মঙলবাৰে বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব দ্বিতীয়খন চেমিফাইনেল খেল। এই খেলত প্ৰতিদ্বন্দিতা আগবঢ়াব গোৰেশ্বৰ ফুটবল ক্লাব আৰু হৰিশিঙা আঞ্চলিক ফুটবল ক্লাবে ৷

জামুগুৰিহাটৰ টুপিয়াত ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল বাসুগাঁও চহৰৰ ধানবজাৰ এলেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in