
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ নামঘৰত চুৰিকাণ্ড। প্ৰণামী বাকচৰ তলা ভাঙি চুৰে লৈ যায় লক্ষাধিক টকা। ভৰা লুইতক ভেটিবলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সতীৰাধিকাৰ হতুৱাই বান্ধ দিয়া ঐতিহ্যময় "সতীৰাধিকা স্মৃতি ক্ষেত্ৰ" বটদ্ৰৱাৰ শান্তিজানৰ পাৰত অৱস্থিত এক নৈসৰ্গিক ঠাই।
বটদ্ৰৱা আৰক্ষী থানাৰ পৰা ৫০০মিটাৰ নিলগত থকা এই স্মৃতি ক্ষেত্ৰত শনিবাৰে নিশা হোৱা চুৰিকাণ্ডৰ বাবে স্থানীয় লোক শংকিত হৈ পৰিছে। কোনো নিৰাপত্তাৰ ব্যৱস্থা নথকা এই স্মৃতি ক্ষেত্ৰৰ নামঘৰৰ গ্ৰীলৰ তলা ভাঙি ভৰ্তি হৈ থকা প্ৰণামী বাকচৰো তলা ভাঙি সমুদায় ধন লৈ উধাও হয় চোৰ। ইফালে যোৱা নিশাই বটদ্ৰৱাৰ শান্তিজান বজাৰৰ কেইবাখনো দোকানত চুৰি হোৱাৰ খবৰ পোৱা গৈছে । উল্লেখ্য যে, এমাহ পূৰ্বে বটদ্ৰৱা কুমাৰ গাঁৱৰ নামঘৰটো চুৰিকাণ্ড সংঘটিত হৈছিল।