'এইবাৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনহে লাভ কৰিব'- সাংসদ দিলীপ শইকীয়া

'এইবাৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনহে লাভ কৰিব'- সাংসদ দিলীপ শইকীয়া

ডিজিটেল সংবাদ, মঙলদৈঃ লোকসভা নিৰ্বাচনৰ আসন ভাগ-বতৰাক লৈ অব্যাহত আছে কংগ্ৰেছ-বিজেপিৰ বাক্ যুদ্ধ। ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফ মিত্ৰতা হ'লে কংগ্ৰেছে পাব পাৰে মাত্ৰ এখন আসন।- এই দাবী মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯ খন আসন পোৱাৰ দাবী কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাই। বৰাৰ এই দাবী শুদ্ধ হ'লে মৃণাল শইকীয়াই বিধায়ক পদ এৰি দিব বুলি পত্ৰ লিখি এক প্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছিল। মৃণাল শইকীয়াৰ পিছত এইবাৰ মুখ খুলিছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই।

'ভূপেন বৰাৰ কংগ্ৰেছ দলে পাব পাৰে মাত্ৰ এখন আসন। ধুবুৰীও নাপায়, নগাঁও পোৱাৰ সম্ভাৱনা নাই। যদিহে কংগ্ৰেছ-এআইইউডিএফ একলগ হৈ ভাল প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কৰিমগঞ্জ আসনখন পাব পাৰে কংগ্ৰেছে। আৰু যদি বেলেগে বেলেগে খেলে এখনো আসন নাপায় কংগ্ৰেছে।'- ওদালগুৰিৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সভাত উপস্থিত হৈ এইদৰে কংগ্ৰেছক কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই।

ইফালে দৰং-ওদালগুৰি আসনৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতক লৈও মন্তব্য দিলীপ শইকীয়াৰ। প্ৰাৰ্থীত্ব বিচৰাৰ অধিকাৰ সকলোৰে আছে। তাতে আপত্তি কৰিবলগীয়া নাই। দলে সিদ্ধান্ত ল'ব, যাৰ জয়ী হোৱাৰ সম্ভাৱনা বেছি দলে তাকে প্ৰাৰ্থীত্ব দিব বুলি মন্তব্য কৰে শইকীয়াই।

'এইবাৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনহে লাভ কৰিব'- সাংসদ দিলীপ শইকীয়া
বিশিষ্ট লেখক অনন্ত কলিতাৰ দেহাৱসান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in