যোৰহাটত ৩০ সংখ্যক আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা

দেওবাৰে যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত এদিনীয়াকৈ অনুষ্ঠিত ৩০ সংখ্যক আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
যোৰহাটত ৩০ সংখ্যক আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, যোৰহাটঃ দেওবাৰে যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত এদিনীয়াকৈ অনুষ্ঠিত ৩০ সংখ্যক আন্তঃবিদ্যালয় বয়স ভিত্তিক সাঁতোৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। ৩০টা বৰ্ষত ভৰি দিয়া এই প্ৰতিযোগিতাখনত ১০, ১২, ১৪ আৰু ১৭ বছৰ অনুৰ্ধ্বৰ ৪টা গ্ৰুপত ল'ৰা-ছোৱালীৰ উভয় শাখাত মুঠ ৬৪টা ইভেণ্টত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত জিলাখনৰ ১৫খন বিদ্যালয়ৰ ১২০ গৰাকী খেলুৱৈয়ে যোগদান কৰে।

Advertisment

প্ৰতিযোগিতাখনৰ ব্যক্তিগত শাখাত শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ১০ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত যুটীয়া ভাৱে কনচেপ্ত ইংলিছ স্কুলৰ ববিদ শইকীয়া আৰু কাৰ্মেল স্কুলৰ ময়ুৰেশ গগৈয়ে। উক্ত ছোৱালী শাখাত ডনবস্ক' ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল লিছুবাৰীৰ অভিৰুছি শইকীয়াই। ১২ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত চেমৰ্ফড ফিউচাৰিষ্টিক স্কুলৰ স্বপনিল বিকাশ গগৈ আৰু ছোৱালীৰ শাখাত কেন্দ্ৰীয় বিদ্যালয় অ' এন জি চিৰ দৰ্শিতা লাহনে। ১৪ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত ডনবস্ক' ছিনিয়ৰ চেকেণ্ডেৰী স্কুল লিছুবাৰীৰ জ্ঞানম হাজৰিকা আৰু ছোৱালীৰ শাখাত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ শিৱানী শইকীয়াই। আনহাতে ১৭ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত এন কেম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বৰ্ণম তপন বৰদলৈ আৰু ছোৱালীৰ শাখাত ডনবস্ক' হায়াৰ ছেকেণ্ডেৰী স্কুল বাঘচোঙৰ নিশিগন্ধা বৰাই।

উল্লেখ্য যে, পুৱা যোৰহাট জিলা ক্ৰীড়া বিষয়া সাৰথে টেৰঙ আৰু মহকুমা ক্ৰীড়া বিষয়া ৰাজেন গোঁহাইয়ে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। যোৰহাট জিলা ক্ৰীড়া বিষয়া সাৰথে টেৰঙে আৰু ছ'চাইটিৰ পতাকা উত্তোলন কৰে ছ'চাইটিৰ উপ-সভাপতি জিতেন্দ্ৰ কুণ্ডলীয়াই।

খেলৰ অন্তত যোৰহাট ছুইমিং ছ'চাইটিৰ সম্পাদিকা ড০ সেউজী বৰা নেওগে আঁতধৰা বঁটা প্ৰদান অনুষ্ঠানত সম্পাদক দেৱ কুমাৰ হাজৰিকা, উপ-সভাপতি প্ৰণৱ বৰঠাকুৰ, জিতেন্দ্ৰ কুণ্ডলীয়া, ৰাজীৱ শৰ্মা আৰু ছ'চাইটিৰ নিমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় অতিথি চালভেট ইয়াৰোলিনে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাখনি সফল সমাপ্তিৰ বাবে যোগদানকাৰী সমূহ প্ৰতিযোগী, বিদ্যালয় প্ৰধানসকল, অভিভাৱক তথা ক্ৰীড়াপ্ৰেমী ৰাইজক যোৰহাট ছুইমিং ছ'চাইটিৰ হৈ সভাপতি ৰক্তিম শইকীয়া আৰু সম্পাদক দেৱ কুমাৰ হাজৰিকাই আন্তৰিক ধন্যবাদ জনায়।

Also Read: বিশিষ্ট লেখিকা-সমাজকৰ্মী মীনা মহন্তলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ" বঁটা

Assam State Swimming swimming