বটদ্ৰৱাৰ বৰভেটিত দুদিনীয়া ৰঙালী বিহু উৎসৱ...

বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল পৰিচালনা সমিতিৰ উদ্যোগত কাইলৈৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উৎসৱ।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ বৰভেটিত দুদিনীয়া ৰঙালী বিহু উৎসৱ...

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল পৰিচালনা সমিতিৰ উদ্যোগত, বৰভেটি গাঁৱৰ যুৱক যুৱতী সকলৰ সহযোগত ২২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উৎসৱটি উদযাপন কৰা হ'ব। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ পাছত বিয়লি ৩ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৪ বজাত প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

Advertisment

নিশালৈ সাংস্কৃতিক সন্ধিয়াত গীত নৃত্যৰ সমাহাৰ হোৱাৰ বিপৰীতে ২৩ এপ্ৰিলৰ বিয়লি ২ বজাত বঁটা বিতৰণী সভা, ৫ বজাত জেং বিহু আৰু নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বটদ্ৰৱা বৰভেটি ৰঙালী বিহু উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।

Also Read: উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

Batadrawa