লঠাবৰি যুৱক সংঘৰ উদ্যোগত ব'হাগী মেলা : প্ৰদৰ্শন কৰা হ'ল বিশেষ নাট...

নগাঁও জিলাৰ হাতীচোং লঠাবৰি যুৱক সংঘৰ উদ্যোগত ব'হাগী মেলা উৎসৱৰ দেওবাৰে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
লঠাবৰি যুৱক সংঘৰ উদ্যোগত ব'হাগী মেলা : প্ৰদৰ্শন কৰা হ'ল বিশেষ নাট...

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ হাতীচোং লঠাবৰি যুৱক সংঘৰ উদ্যোগত যোৱা ২৮ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা ব'হাগী মেলা উৎসৱৰ দেওবাৰে সামৰণি পৰে। কাৰ্যসূচী অনুসৰি ২৮ এপ্ৰিলৰ পুৱা গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসঙ্গ, গন্ধৰ বাদন অনুষ্ঠিত হয়।

Advertisment

২৯ এপ্ৰিলৰ পুৱা পতাকা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি জয়কান্ত দেউৰীয়ে। তাৰ পিছতে ভাগৱত পাঠ, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ আদিৰ অনুষ্ঠিত হয়। নিশা লঠাবৰি গাঁৱৰ মহিলা সকলে পৰিৱেশন কৰে গয়াসুৰৰ তীৰ্থ স্থাপন ভাওনা।

দেওবাৰৰ বিয়লি বঁটা বিতৰণী সভা, সম্বৰ্ধনা অনুষ্ঠানৰ পাছত নিশা ৯ বজাত "মন্দাকিনী" শীৰ্ষক নাটক পৰিৱেশন কৰে গাঁৱৰ যুৱক-যুৱতী সকলে। কিৰন কুমাৰ দেউৰীয়ে পৰিচালন কৰা নাটক খন উপভোগ কৰে সহস্ৰাধিক দৰ্শকে।

Also Read: কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

Batadrawa