বটদ্ৰৱাত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ

বটদ্ৰৱাত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ

ডিজিটেল সেৱা, বটদ্ৰৱা: আঘোণ মানেই চহা কৃষকৰ সোণোৱালী দিন, আঘোণতে খেতিয়কৰ মুখত প্ৰাপ্তিৰ হাঁহি, আঘোণ মানেই পথাৰৰ সৰু আলিত বালিমাহী চৰাইৰ হাঁহি খিকিন্দালি৷ এই আঘোণতে গঞা ৰাইজৰ হেঁপাহৰ ন-খোৱা পৰ্ব৷ কৃষিজীৱি ৰাইজে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি চপাই গোটেই বছৰটোৰ বাবে ভঁড়ালত ধান যোগাৰ কৰাৰ মাহ আঘোণ৷

এটিয়া আঘোন মাহ, ভৰপক হৈছে সোনোৱালী পথাৰ। সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ বটদ্ৰৱাৰ হাতীচোং, চকলাঘাট, ৰাইডঙীয়া, নসত্ৰ, বৰচিলা আদি অঞ্চলৰ কৃষক সকল এতিয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ খেতিডৰা চপোৱাত। এই গাঁৱৰ পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। বিহুগীত , বিহু নৃত্যৰ লগতে কাঁঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত হৈছে পথাৰসমূহ।

সপোনৰ সোনগুটিৰে সোনোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষক সকল। বিগত বৰ্ষৰ তুলনাত এই অঞ্চলত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমানে ভাল হোৱা বুলি জনাইছে কৃষক ৰাইজে। কিন্ত বটদ্ৰৱা থানৰ পৰা দক্ষিণ আৰু পশ্চিম দিশত থকা বৰভেটি বামুন পথাৰ, হিদলগুৰি পথাৰ, বৰালি মাৰি পথাৰ আৰু দৌল মন্দিৰৰ পূবে থকা নাওঁ জান পথাৰত শালি ধানৰ উৎপাদন দিনক দিনে কমি আহিছে।

উল্লেখ্য যে, বটদ্ৰৱাৰ এই পথাৰৰ পানী সমূহ বাগিৰ গৈ শান্তিজানত পৰি সেই পানী কুজি বিল হৈ সোনাই নৈৰে গৈ কপিলীত পৰে। কিন্তু বিগত দিনত একাংশ সমাজ বিৰোধী লোকে এই পথাৰৰ পানী বৈ যোৱা পথত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি ব্যক্তিগত লাভালাভৰ বাবে মীন পালন কৰি এই পথাৰৰ পানী অহা যোৱা পথবোৰ বন্ধ কৰি দিছে।

যাৰ পৰিপেক্ষিতত বটদ্ৰৱা সৰুহিছা বৰহিছা গাঁৱৰ বহু চহা কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে। বিগত চাৰি পাঁচ বছৰ ধৰি হৈ থকা এই অৱস্থাৰ পাচতো সকলো দেখিও নেদেখা ভাওঁ জুৰি আছে বটদ্ৰৱাৰ চৰকাৰী কৰ্তৃপক্ষৰ লগতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সমূহ। বটদ্ৰৱা অঞ্চলৰ পথাৰ সমূহৰ জল নিস্কাশন কৰি, বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক কৃষি কৰ্ম কৰি উৎপাদন মুখী হবলৈ সুবিধা প্ৰদানৰ বাবে বটদ্ৰৱাৰ কৃষক ৰাইজে দাবী তুলিছে।

বটদ্ৰৱাত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ
হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আন এজন আৰক্ষী : ভৰলুমুখ থানাৰ SI অনুৰাগ বৰাক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in