বটদ্ৰৱাত গোসাঁই বিহু পালনঃউখল-মাখল পৰিবেশ

বটদ্ৰৱাত গোসাঁই বিহু পালনঃউখল-মাখল পৰিবেশ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত গোসাঁই বিহু পালনঃউখল-মাখল পৰিবেশ

বটদ্ৰৱাত গোসাঁই বিহু পালন

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থানত গোসাঁই বিহু উপলক্ষে উখল-মাখল পৰিবেশ। পূৰ্ব পৰম্পৰা অনুসৰি সত্ৰৰ আয়তীসকলে গুৰুজনাৰ গুণানুকীৰ্তনৰে নিজৰ মাজত তেল-হালধি সানে। বটদ্ৰৱাবাসীৰ লোকবিশ্বাস অনুসৰি আজিৰ এই দিনটোত তেল হালধি সানিলে ৰোগ ব্যাধি নিৰ্মূল হয়।

Advertisment

গুৰুজনাৰ সংস্কৃতিৰে মহীয়ান শলগুৰি সত্ৰৰ আয়তীসকলে এই দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। বুঢ়া মেথা জীয়ৰী,বোৱাৰীৰ পৰা কণমানিলৈ সকলোৱে পৰম্পৰা ৰক্ষা কৰি আনন্দ উল্লাস কৰে। মংগল কামনা কৰি সত্রৰ প্রতিঘৰ গৃহস্থই পদূলিয়ে পদূলিয়ে গুৱা-পান-দক্ষিনা আগবঢ়াই আই মাতৃসকলৰ পৰা আশীৰ্বাদ গ্রহণ কৰে।

Also Read: চৰাইদেউৰ লাকুৱা চলা শ্যাম গাঁৱত "পয় চাংকেন" উদযাপন

বটদ্ৰৱা গোসাঁই বিহু