বটদ্ৰৱা থানত উত্তপ্ত পৰিস্থিতিঃ থান পৰিচালনা সমিতিৰ সদস্যৰ ধন আত্মসাতৰ অভিযোগ...

বটদ্ৰৱা থানত উত্তপ্ত পৰিস্থিতিঃ থান পৰিচালনা সমিতিৰ সদস্যৰ ধন আত্মসাতৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানত উত্তপ্ত পৰিস্থিতিঃ থান পৰিচালনা সমিতিৰ সদস্যৰ ধন আত্মসাতৰ অভিযোগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। থান পৰিচালনা সমিতিৰ একাংশ দুর্নীতিপৰায়ণ সদস্যৰ দুৰ্নীতিৰ দস্তাবেজ উন্মোচন কৰিলে সাধাৰণ সভাত।

Advertisment

পৰিচালনা সমিতিৰ আভ্যন্তৰীণ কন্দল আৰু বটদ্ৰৱা থানৰ সামগ্ৰিক উন্নয়নৰ নামত থান পৰিচালনা সমিতিৰ একাংশ সদস্যই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

অৱশেষত সভাই উত্থাপন কৰা অনাস্থাৰ প্ৰস্তাৱত হাৰ মানিলে পৰিচালনা সমিতিয়ে।৬মাহৰ বাবে সাধাৰণ সভাই গঠন কৰি দিলে ২১ জনীয়া তদন্ত সমিতি। জেষ্ঠ অধিবক্তা বিৰাজ মনি বৰদলৈক সভাপতি আৰু সাংবাদিক শৈলেন শইকীয়াক সাধাৰণ সম্পাদক হিচাবে লৈ ২১ জনীয়া বটদ্ৰৱা থানৰ তদৰ্থ সমিতি গঠন।

Also Read: ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ...

batadrava than