বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱলৈ অহা ভকতক বিশুদ্ধ খোৱা পানী যোগান

বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱলৈ অহা ভকতক বিশুদ্ধ খোৱা পানী যোগান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱা থানৰ মূল উৎসৱ হৈছে দৌল যাত্ৰা মহোৎসৱ। প্ৰতি বছৰে ফাল্গু পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা দৌল যাত্ৰা মহোৎসৱ তথা ফাকুৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম হয়। এই ভকত বৈষ্ণৱসকলক বিশুদ্ধ খোৱা পানী যোগানৰ নিমিত্তে বটদ্ৰৱাত এইবেলি এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ উদ্যোগত ব্যৱস্থা কৰা হৈছে।

এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ উদ্যোগত চিমচ(SIMS) হস্পিতালতৰ সহযোগত বটদ্ৰৱা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শলগুৰি সত্ৰৰ প্ৰবেশদ্বাৰৰ নিলগতে এই দৌল যাত্ৰা মহোৎসৱৰ তীৰ্থযাত্ৰীৰ বাবে বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বিনামূলীয়া বিশুদ্ধ খোৱা পানী বিতৰণ কাৰ্যসূচী আৰম্ভ হয়।

এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ সঞ্চালক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত চিমচ(SIMS) হস্পিতালতৰ স্বতাধিকাৰী তথা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা০ অজিৎ গোস্বামীয়ে "চিমচ(SIMS) হস্পিতালতৰ তৰফৰ পৰা পবিত্ৰ দৌল যাত্ৰা মহোৎসৱৰ তীৰ্থযাত্ৰীৰ বাবে বিনামূলীয়া বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি নিজকে ধন্য মানিছো। পৰবৰ্তী সময়ত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ বাবে আমাৰ ফালৰ পৰা চিকিৎসা সেৱা আৰু সজাগতা অনুষ্ঠান কৰাৰ পৰিকল্পনা কৰিছো" বুলি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত বিশিষ্ট শিল্পী ৰঞ্জিত মহন্ত, অংকুৰ কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱলৈ অহা ভকতক বিশুদ্ধ খোৱা পানী যোগান
জখলাবন্ধা থানাৰ লকআপত আচামীয়ে বাচি ল'লে চৰম পন্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in