দৌল মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী বাতিল

দৌল মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী বাতিল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি তথা বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বিয়োগত দৌল মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনৰ সমূহ কাৰ্যসূচী বাতিল।

সত্ৰাধিকাৰগৰাকীৰ বিয়োগৰ বাবে দৌল মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। দেওবাৰে শোক সভাৰ জড়িয়তে এই প্ৰস্তাৱ গ্ৰহণ কৰে পৰিচালনা সমিতিয়ে। এই কথা সংবাদমাধ্যমৰ যোগেদি জানিব দিয়ে থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰভাত কলিতাই। উল্লেখযোগ্য যে, শনিবাৰে নিশা হঠাৎ বিয়োগ হয় বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱগোস্বামীৰ।

দৌল মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী বাতিল
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা শ্বহিদুল ইচলামে বিচাৰিছে সহায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in