/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/acfa7928-95fe-40fa-bde0-87324ebb529f/13.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ। দৌল মহোৎসৱৰ প্ৰাক ক্ষণত বটদ্ৰৱাবাসীৰ মূৰত সৰগ ভাগি পৰিল।
বটদ্ৰৱা মহীৰূহ, সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট অভিনেতা, গায়ন, বায়ন তথা বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱগোস্বামীৰ শনিবাৰে সন্ধিয়া হঠাৎ বুকুৰ বিষ অনুভৱ কৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁৱৰ জীতেন গোহাইঁ নাৰ্চিং হোমলৈ লৈ আনে। চিকিৎসাৰ বাবে আনাৰ পিছতেই নিশা ৯ বজাত তেওঁৰ মৃত্যু হয় ৷ নগাঁৱৰ গোঁহাই নাৰ্চিংহোমত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰজনে ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২বছৰ ৷ মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী, দুজন পুত্ৰ সহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্ব, গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।
Also Read: হাজোত উদ্ধাৰ IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকি