আমতলা সৌকাজান গজলা সত্রৰ ভাৰপ্ৰাপ্ত সত্রাধিকাৰ টিকেন্দ্ৰনাথ মহন্তৰ বিয়োগ...

আমতলা সৌকাজান গজলা সত্রৰ ভাৰপ্ৰাপ্ত সত্রাধিকাৰ টিকেন্দ্ৰনাথ মহন্তৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
আমতলা সৌকাজান গজলা সত্রৰ ভাৰপ্ৰাপ্ত সত্রাধিকাৰ টিকেন্দ্ৰনাথ মহন্তৰ বিয়োগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আমতলা সৌকাজান গজলা সত্রৰ ভাৰপ্ৰাপ্ত সত্রাধিকাৰ, সত্রীয়া সংস্কৃতিৰ সাধক টিকেন্দ্ৰনাথ মহন্তৰ মঙলবাৰে পুৱা ৫.৩০ বজাত মহখুলিস্থিত নগাঁও মেডিকেল কলেজ হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।

Advertisment

কিছুদিন ধৰি বাৰ্ধক্যজনিত আৰু উচ্চৰক্তচাপ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মহন্তৰ বিয়োগত অকল সত্রৰ ভকত-বৈষ্ণৱেই নহয় সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। এগৰাকী সত্রীয়া সংস্কৃতিৰ সাধক হোৱাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত মৃত্যুৰ আগলৈকে সক্ৰীয় ভাৱে জড়িত থকা মহন্ত এগৰাকী সু-অভিনেতাও আছিল।

মৃত্যুৰ সময়ত পত্নী, দুজন পুত্র, এগৰাকী জীয়ৰী আৰু এজন জোৱাই, নাতিকে ধৰি বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ বিয়োগত আমতলা সৌকাজান গজলা সত্রৰ লগতে, দক্ষিন জাজৰি সাৰ্বজনীন শ্ৰীমন্ত শংকৰ মন্দিৰ পৰিচালনা সমিতি, দক্ষিন জাজৰি সাংস্কৃতিক গোষ্ঠী, জাজৰি প্ৰেছ ক্লাৱকে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

Also Read: এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰ...

batadrava