তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে ভাতৃ-ভগ্নীক, থিতাতে মৃত্যু এজনৰ

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে ভাতৃ-ভগ্নীক, থিতাতে মৃত্যু এজনৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথৰ খলিহামাৰীত মঙলবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ছাত্ৰী। পথ নিৰ্মাণ জড়িত এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত হয় ছাত্ৰী গৰাকী। নিহত ছাত্ৰী গৰাকীৰ নাম উম্মে হানি। তেওঁৰ বয়স আছিল ১৯ বছৰ। এই দুৰ্ঘটনাত লগতে গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয় মিৰ্জা হানি নামৰ এজন যুৱক।

দুয়ো ককায়েক ভনীয়েক টুকটুকিৰ পৰা ছামগুৰিৰ শ'লমাৰীলৈ গৈ থকা অৱস্থাত বটদ্ৰৱাৰ খলিহামাৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন।

নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথ নিৰ্মাণত ব্যৱহৃত হৈ আছিল দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। পাছত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা হোৱা মটৰ চাইকেল খনৰ নম্বৰ AS02A D7502।

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে ভাতৃ-ভগ্নীক, থিতাতে মৃত্যু এজনৰ
৩ বছৰীয়া সন্তানক হত্যা কৰি বস্তাত ভৰাই থ'লে মাতৃয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in