Advertisment

৩ বছৰীয়া সন্তানক হত্যা কৰি বস্তাত ভৰাই থ'লে মাতৃয়ে

মৰিগাঁৱৰ ন মইনগুৰি গাঁৱত সোমবাৰে সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা। পাষাণ মাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৩ বছৰীয়া সন্তানক।

author-image
Asomiya Pratidin
New Update
৩ বছৰীয়া সন্তানক হত্যা কৰি বস্তাত ভৰাই থ'লে মাতৃয়ে

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ ন মইনগুৰি গাঁৱত সোমবাৰে সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা। পাষাণ মাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৩ বছৰীয়া সন্তানক।মাতৃ ৰিতামণি কোঁৱৰৰ বিৰুদ্ধে শিশুটিক হত্যাৰ অভিযোগ।

Advertisment

জানিব পৰা মতে মহিলাগৰাকীয়ে কাঠ আৰু বাঁহৰে মাৰিয়াই ৩ বছৰীয়া ল'ৰা সন্তানটিক হত্যা কৰে। ঘটনাৰ বিৱৰণী অনুসৰি মহিলাগৰাকীয়ে সোমবাৰে নিশাই শিশুটিক হত্যা কৰি বস্তাৰ ভিতৰত সুমুৱাই থৈ দিছিল।

আজি ঘটনা সম্পৰ্কে পৰিয়ালৰলোকে গম পোৱাত আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক। পৰিয়ালৰলোকে জনোৱা অনুসৰি মহিলাগৰাকী মানসিকভাৱে অসুস্থ।

Also Read: দুদিনীয়া ভ্ৰমণসূচীৰে UAE লৈ মোডী, উদ্বোধন কৰিব মন্দিৰ, স্বাক্ষৰ কৰিব চুক্তি

Assam police