ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আফতাব উদ্দিনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আফতাব উদ্দিনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ কৃতী শিক্ষক আফতাব উদ্দিনৰ শিক্ষকতাৰ কৰ্ম জীৱন যোৱা ৩১ মাৰ্চত অন্ত পৰে। তদুপলক্ষে তেওঁৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি সোমবাৰে বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি নুৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰি প্ৰধান শিক্ষক ইয়াচিন আলীয়ে ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ ইতিহাস আৰু গৰিমা সম্বন্ধে বিশ্লেষণ কৰি, বিদায়ী শিক্ষক আফতাব উদ্দিনৰ কৰ্তব্যনিষ্ঠা সোৱৰণ কৰাৰ লগতে সুস্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিক্ষক বৃন্দৰ তৰফৰ পৰা আফতাব উদ্দিনক ফুলাম গামোছা, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, শৰাই, ছতি, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ধূপগুৰি, ঢাকাই বস্তি, শলগুৰি আদি অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত বিদায়ী শিক্ষক আফতাব উদ্দিনে আগবঢ়োৱা অৱদানৰ বাবে সভাত কেইবাগৰাকী বক্তাই শলাগ লয়।

উল্লেখ্য যে ১৯৮৪ চনত এই বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰি তেওঁ যোৱা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। শিক্ষক হিচাপে আফতাব উদ্দিন এজন ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া লোক হিচাপে পৰিচিত আছিল। ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষকজনক ৰাইজে একেমুখে শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে বিদ্যালয় খনৰ প্ৰাক্তন সভাপতি আব্দুল কুদ্দুচ, প্ৰাক্তন সভাপতি চিৰাজ উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক জালাল উদ্দিন চৰকাৰ শিক্ষয়িত্ৰী আচমিনা পম্পী, শিক্ষক ইব্ৰাহিম আলী, হজৰত আলী, দেউৰাম ৰাজখোৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে।

শেষত বিদায়ী শিক্ষক আফতাব উদ্দিনে "ঈশ্বৰৰ ওচৰত বিশ্বাস ৰাখি সৎ পথেৰে আগবঢ়ি গলে জীৱনত সফল হব পাৰি" বুলি ছাত্ৰ ছাত্ৰীক উদেশ্যি ভাষন প্ৰদান কৰে। অনুষ্ঠানটিত শিক্ষক চাইফুল ইছলাম, হাফচিয়া বেগমৰ লগতে অতিথি বৃন্দ, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা আৰু শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আফতাব উদ্দিনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান
প্ৰয়াত চিত্ৰশিল্পী সমীৰণ পাঠকৰ স্মৰণপুথি উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in