বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ পৰিৱেশ সজাগতামূলক শোভাযাত্ৰা

বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ পৰিৱেশ সজাগতামূলক শোভাযাত্ৰা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্ত্তী চহৰীয়াত ২০১৪ চনতে স্থাপিত হোৱা চৰকাৰী খণ্ডৰ আদৰ্শ বিদ্যালয় বটদ্ৰৱাত প্ৰতিষ্ঠা কালৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাদানৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন ধৰনৰ শিক্ষা, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আৰু সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে৷ তাৰে এক অংশ বিশেষে শনিবাৰে বিদ্যালয়ৰ প্ৰাংগনত পৰিৱেশ নিকাকৰণ, গুটখা নিবাৰণ, পলিথিন বৰ্জন কৰাৰ লগতে ঘৰুৱা পেলনীয়া সামগ্ৰীৰ সৎ ব্যৱহাৰৰ ওপৰত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷

বিদ্যালয়ৰ নিয়মীয়া প্ৰাৰ্থনা আৰু প্ৰথম পাঠদানৰ পাছত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ উক্ত কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ শনিবাৰে পুৱা ১০.৩০বজাত পৰিৱেশ নিকাকৰণ, গুটখা নিবাৰণ, চিপচ্ বৰ্জন, পলিথিন বৰ্জন কৰাৰ লগতে ঘৰুৱা পেলনীয়া সামগ্ৰীৰ সৎ ব্যৱহাৰ ওপৰত অনুষ্ঠিত হোৱা সজাগতা অনুষ্ঠানত আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত পোখৰেলে উদ্বোধনী ভাষণ আগবঢ়াই৷

উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি উল্লেখিত বিষয়বস্তুৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ আগত সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াই পৰিৱেশ বিজ্ঞানী ড° অমৰজ্যোতি কাশ্যপে৷ ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ নিজা ঘৰখন, বিদ্যালয়ৰ চৌহদ, গাওঁখন তথা অঞ্চলটোৰ পৰিৱেশ নিকা কৰি ৰখাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে।

লগতে জাবৰ জোথৰ য'তে ত'তে নেপেলাই তাক কেনেকৈ নিষ্কাৰ্শন কৰাকে ধৰি কণ-কণ ল'ৰা ছোৱালীয়ে সততে ব্যৱহাৰ কৰা চিপচ জাতীয় খাদ্য সামগ্ৰীৰ লগতে গুটখা জাতীয় সামগ্ৰীৰ পৰা আমাৰ দেহত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পেলাই সেই বিষয়ে সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই৷ সেয়ে এই খাদ্য সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়৷

বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ পৰিৱেশ সজাগতামূলক শোভাযাত্ৰা
হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in