/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8b1276b1-2769-4c76-b7d3-bd9436987570/fgfdgfgf.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঠেকেৰাগুৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানত সংঘটিত হৈছে চুৰিকাণ্ড। বৃহস্পতিবাৰে নিশাৰ ভাগত ঐতিহ্যমণ্ডিত থানখনৰ ভিতৰত চোৰে প্ৰবেশ কৰি দানপাত্ৰ ভঙি চুৰি কৰি লুটি নিয়ে নগদ ধন।
পুৱাৰ ভাগতহে নামঘৰীয়াই থানলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘটনা সন্দৰ্ভত থান পৰিচালনা সমিতিৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে।ইতিমধ্যে আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে।উল্লেখ্য যে পূৰ্বতেও জামুগুৰিহাটৰ বাসুদেৱ থানত চুৰিকাণ্ড সংঘটিত হৈছিল।
Also Read: কাজিৰঙাৰ প্ৰেমত এজন বিদেশী পৰ্যটক! ১০ বাৰকৈ আহিছে অসমলৈ